ETV Bharat / state

মাধৱদেৱে নিজহাতে ৰোপণ কৰা ৰঙিয়াল ফুলৰ বিষয়ে জানেনে ?

author img

By

Published : Oct 8, 2020, 1:39 PM IST

Updated : Oct 9, 2020, 2:16 PM IST

মাধৱদেৱ স্থাপিত সকলো সত্ৰতে ৰঙিয়াল ফুল পোৱা যায় যদিও বৰপেটা আৰু গণককুছিত মাধৱদেৱে নিজ হাতেৰে ৰোপণ কৰিছিল ৰঙিয়াল ফুল ৷ বৰপেটাত সেৱা জনালে নিৰ্মালী হিচাপে ঘাইদেউৰী নাইবা গহে ভড়ালীয়ে আগবঢ়ায় ৰঙিয়াল ফুলৰ পাত নাইবা ফুল ৷

rangial planted by the great saint madhabdeva at barpeta
মাধৱদেৱে নিজহাতে ৰোপন কৰা ৰঙিয়াল ফুলৰ বিষয়ে জানেনে ?

বৰপেটা ৮ অক্টোৱৰঃ মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ দ্বাৰা স্থাপিত বৰপেটা সত্ৰ ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয়তম শিষ্য মাধৱদেৱে তিনিও ৰাজ্যৰ বন্দনীয় থান বৰপেটা সত্ৰ স্থাপন কৰাৰ লগতে নিজ হাতে ৰোপণ কৰিছিল ৰঙিয়াল ফুল ৷ বৰপেটাৰ মহাপুৰুষীয়া সমাজে মাধৱদেৱৰ এই ৰঙিয়াল ফুলৰ পাত আৰু ফুলক কেবাশ বছৰ ধৰি শ্ৰদ্ধা সহকাৰে গ্ৰহণ কৰি আহিছে ভগৱন্তৰ নিৰ্মালী হিচাপে ৷

বৰপেটা সত্ৰৰ মূল কীৰ্তন ঘৰটোক কোৱা হয় ৰঙিয়াল গৃহ ৷ এই ৰঙিয়াল গৃহৰ লগতে সামঞ্জস্য ৰাখি মাধৱদেৱে মনিকূট গৃহৰ কাষতে ৰোপণ কৰিছিল ৰঙিয়াল ফুল ৷ ৰঙিয়াল ফুল বহুবছৰলৈকে জীয়াই থাকে ৷ বিশেষকৈ মাধৱদেৱ স্থাপিত সকলো সত্ৰতে ৰঙিয়াল ফুল পোৱা যায় যদিও বৰপেটা আৰু গণককুছিত মাধৱদেৱে নিজ হাতেৰে ৰোপণ কৰিছিল ৰঙিয়াল ফুল ৷ বৰপেটাত সেৱা জনালে নিৰ্মালী হিচাপে ঘাইদেউৰী নাইবা গহে ভড়ালীয়ে আগবঢ়ায় ৰঙিয়াল ফুলৰ পাত নাইবা ফুল ৷ অন্য কোনো ফুল নিৰ্মালী হিচাপে দিব লাগিলে প্ৰথমে সেই ফুলক ভগৱন্তৰ চৰণত অৰ্পণ কৰিব লাগে ৷ তাৰ পাছতহে সেই ফুলটোৱে নিৰ্মালীৰ মৰ্যদা পায় ৷

কিন্তু মাধৱদেৱে ভগৱন্তক অৰ্পণ কৰি ৰঙিয়াল ফুল ৰোপণ কৰিছিল কাৰণে গছৰ পৰা আনিয়ে ৰঙিয়াল ফুল আৰু পাতক নিৰ্মালী হিচাপে ব্যৱহাৰ যোগ্য হৈ পৰে ৷ ৰঙিয়াল ফুল পোনপটীয়াকৈ নিৰ্মালী হিচাপে ব্যৱহাৰ কৰিলেও পাতটোত সুগন্ধি তেল চতিওৱা হয় ৷ কৰ্পুৰ, মিথি, মঠা আৰু গাইঠন গুৰি কৰি মিঠাতেলত দিয়া হয় ৷ কিছুদিন পিছত এই তেল সুগন্ধি হৈ পৰাত ৰঙিয়াল ফুলৰ পাতটো শুকোৱাই লৈ সেই পাতত সুগন্ধি তেলত সানি দিয়া হয় ৷ সুগন্ধি তেল যুক্ত ৰঙিয়াল ফুলৰ পাত হাতত লোৱাৰ লগে লগে ভক্তসকলৰ মন প্ৰাণ ভক্তিত পুলকিত হৈ পৰে আৰু কাণত গুজি লয় ৷ আনকি নিৰ্মালীত ব্যৱহৃত এই সুগন্ধি তেল চৰ্ম ৰোগৰ বাবেও উপকাৰী এবিধ আয়ুৰ্বেদিক ঔষধ সদৃশ ৷

লগতে পঢ়কঃ বড়ো কছাৰী স্বায়ত্ব-শাসিত পৰিষদ ঘোষণাৰ পিছতেই জোনাইত আনন্দৰ বন্যা

Last Updated : Oct 9, 2020, 2:16 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.