ETV Bharat / state

বৰপেটাত মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ বান পৰিস্থিতি পৰিদৰ্শন

বৰপেটাত বান পৰিস্থিতি সন্দৰ্ভত জিলা প্ৰশাসনৰে পৰ্যালোচনা বৈঠক মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ৷ বানৰ ক্ষতিপূৰণৰ বাবে এবছৰলৈকে অপেক্ষা কৰিব নালাগে বান ক্ষতিগ্ৰস্তই ৷ ৪ দিনৰ ভিতৰত বৰপেটা জিলাৰ ক্ষয়-ক্ষতিৰ তালিকা প্ৰস্তুতৰ নিৰ্দেশনা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ(Ranoj Pegu review flood situation in Barpeta) ৷

author img

By

Published : Jun 27, 2022, 3:24 PM IST

ranaoj-pegu-review-flood-situation-in-barpeta
বৰপেটাত মন্ত্ৰী ৰণোজ পেগুৰ বান পৰিস্থিতি পৰিদৰ্শন

বৰপেটা, 27 জুন : বৰপেটাৰ বান পৰিস্থিতি পৰ্যবেক্ষণ তথা ক্ষয় ক্ষতি সন্দৰ্ভত বুজ লোৱাৰ উদ্দেশ্যে দেওবাৰে বৰপেটাত উপস্থিত হয় শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু ৷ বৰপেটাত উপস্থিত হৈ শিক্ষামন্ত্ৰীগৰাকীয়ে বৰপেটা জিলা প্ৰশাসনৰ বিষয়াসকলৰে এখন বৈঠকত মিলিত হয়(Ranoj Pegu review flood situation in Barpeta) ৷

উক্ত বৈঠকত জিলাখনত বানৰ ফলত হোৱা ক্ষয়-ক্ষতি সম্পৰ্কে পৰ্যালোচনা কৰা হয় (Ranoj Pegu in Barpeta) ৷ শেহতীয়া কেবিনেট বৈঠকৰ সিদ্ধান্ত অনুসৰি বান পৰিস্থিতি আৰু সাহাৰ্যৰ সম্পৰ্কে বৰপেটা জিলাৰ দায়িত্ব প্ৰদান কৰা মন্ত্ৰী ডাঃ পেগুৱে কেবিনেট বৈঠকৰ সিদ্ধান্তৰ জাননী (ন'টিফিকেছন) প্ৰকাশৰ পূৰ্বেই বৰপেটাত উপস্থিত হৈ জিলাখন বান পৰিস্থিতি সম্পৰ্কে বুজ লয় ৷

মন্ত্ৰীগৰাকীয়ে বানাক্ৰান্তক তাৎক্ষণিকভাৱে দিবলগীয়া সাহাৰ্যৰ লগতে বানত ক্ষতিগ্ৰস্ত লোকসকলক চৰকাৰে অতি শীঘ্ৰেই ক্ষতিপূৰণ আদায় দিব বুলি মন্তব্য প্ৰকাশ কৰে ৷

তেওঁ কয় যে পূৰ্বতে হিতাধিকাৰীয়ে বানত হোৱা ক্ষয়-ক্ষতিৰ ধন পাবলৈ এবছৰলৈকে অপেক্ষা কৰিব লাগিছিল ৷ সেয়ে এইবেলি চৰকাৰে তাৎক্ষণিকভাৱে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা লৈছে আৰু আগন্তুক ৪ দিনৰ ভিতৰত বৰপেটা জিলাৰ ক্ষয়-ক্ষতিৰ তালিকা প্ৰস্তুত কৰি জমা দিয়াৰ নিৰ্দেশ প্ৰদান কৰিছে মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷ লগতে বানত ক্ষতি হোৱা পথ, মথাউৰি আদিৰ মেৰামতিৰ বাবে শীঘ্ৰেই ব্যৱস্থা লোৱাৰো নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷

ইপিনে, বৰপেটা জিলাত থকা ব্ৰহ্মপুত্ৰ নৈৰ ৩৬ কিলোমিটাৰ মথাউৰি সুৰক্ষিত কৰি ৰখাৰ বাবেও জলসম্পদ বিভাগক নিৰ্দেশনা প্ৰদান কৰিছে শিক্ষামন্ত্ৰীগৰাকীয়ে ৷ লগতে জলবায়ু পৰিবৰ্তনৰ ফলত এনেধৰণৰ বান পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক : গৌৰীপুৰত ৰঙাঘৰৰ আলহী জুৱাৰীৰূপী শিক্ষক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.