বৰপেটা, 7 ফেব্ৰুৱাৰী : বাঘবৰৰ বিধায়কৰ পিচত এইবাৰ বেদখলকাৰীৰ পক্ষত থিয় দিলে ৰাইজৰ দলৰ লগতে কেবাটাও দলে ৷ "চৰকাৰে হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে" এই বুলি মন্তব্য কৰিলে ৰাইজৰ দলে ৷ আনকি প্ৰশাসন আৰু বৰপেটা সত্ৰ সমিতিয়ে বাৰম্বাৰ জাননী প্ৰেৰণ কৰাৰ পিচতো সত্ৰৰ ভূমিৰ পৰা আঁতৰি নোযোৱা বেদখলকাৰীসকলৰ পক্ষত অৱস্থান কৰি এতিয়া এদিন পূৰ্বে জাননী জাৰি কৰি বৰষুণৰ মাজতে উচ্ছেদ চলোৱা বুলিও ভুল বাৰ্তাৰে পৰিস্থিতি জটিল কৰি তুলিব বিচাৰিছে ৰাইজৰ দলে (Raijor Dal against eviction drive in Barpeta Satra) ৷
সোমবাৰে বৰপেটা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি, বৰপেটা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু ৰাইজৰ দলৰ এটা সজাতি দল 1 নং বৰদলনি গাঁৱত উপস্থিত হৈ উচ্ছেদিত পৰিয়ালসমুহক সাক্ষাৎ কৰাৰ লগতে উচ্ছেদিত লোকসকলৰ অৱস্থাৰ বুজ লয় (Raijor Dal visit evection area at Baghbar) । সজাতি দলটোৰ নেতৃত্ব লোৱা ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক মনিৰুজ জামানে এই উচ্ছেদিত লোকসকলক সাক্ষাৎ কৰাৰ পিছতে চৰকাৰৰ বিৰুদ্ধে সোচ্ছাৰ হৈ ব্ৰহ্মপুত্ৰৰ খহনীয়াত ক্ষতিগ্ৰস্ত তথা ভূমিহীন লোকসকলক পুনৰ সংস্থাপনৰ দাবী জনায় ৷
লগতে চৰকাৰে হিন্দু মুছলমানৰ ৰাজনীতিৰে, ঠাইবিশেষে বাচি বাচি অকল মুছলমান লোকক উচ্ছেদ কৰা বুলি উল্লেখ কৰি এই কাৰ্যক ধিক্কাৰ জনায় ৰাইজৰ দলে ৷ আনহাতে বাঘবৰৰ উচ্ছেদিত পৰিয়ালসমূহক পুনৰ সংস্থাপন আৰু খাদ্য সামগ্ৰী প্ৰদান কৰিবলৈকো চৰকাৰলৈ দাবী জনায় । ইপিনে বৰপেটা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক আবু সুফিয়ানেও উচ্ছেদিত পৰিয়ালসমূহক পুনৰ সংস্থাপনৰ দাবীত ব্যাপক আন্দোলন গঢ়ি তোলা হ’ব বুলি চৰকাৰক সকিয়নি প্ৰদান কৰে ৷
লগতে পঢ়ক : Illegal hunting of migratory birds: নগাঁৱত পৰিভ্ৰমী পক্ষীৰ নিধন যজ্ঞ