বৰপেটাৰোড, 15 মাৰ্চ : বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বৰপেটাৰোড ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে বৰপেটাৰোডতো এনেবোৰ গামোচাৰ বিৰুদ্ধে হস্ততাঁত বস্ত্ৰশিল্প বিভাগে চলালে অভিযান ৷ পাৱাৰলুমত প্ৰস্তুত কৰা গামোচাৰ বিৰুদ্ধে বৰপাটাৰোডত হস্ততাঁত বস্ত্ৰশিল্প বিভাগ, বৰপেটা জিলা প্ৰশাসন আৰু ৰেচম বিভাগে অভিযান চলায় (Raid against power loom gamochas at Barpeta) ৷ অভিযানত প্ৰায় ৪ হেজাৰ পাৱাৰলুমত প্ৰস্তুত কৰা গামোচা আৰু আৰ'নাই জব্দ কৰে অভিযানকাৰী দলে। মঙলবাৰে সন্ধিয়া বৰপেটাৰোডৰ পাইকাৰী কাপোৰ বজাৰত চলোৱা হৈছিল এই অভিযান(Raid against Power loom gamochas) ৷
উল্লেখযোগ্য যে, বহিঃৰাজ্যৰ গামোচাৰে বৰপেটাৰোডৰ বজাৰ ভৰি পৰাৰ খবৰ লাভ কৰি এই যৌথ অভিযান চলোৱা হৈছিল বুলি জানিবলৈ দিয়ে অভিযানকাৰী দলটোয়ে ৷ মন কৰিবলগীয়া যে, আগন্তুক ৰঙালী বিহুৰ পূৰ্বে অসমীয়া শিপিনীয়ে বোৱা গামোচাৰ পৰিৱৰ্তে বজাৰত উভৈনদী হৈ পৰিছে পাৱাৰলুমত প্ৰস্তত কৰা গামোচা। পাৱাৰলুমত প্ৰস্তুত কৰা গামোচাৰ বিৰুদ্ধে জিলাখনত হস্ততাঁত বস্ত্ৰশিল্প বিভাগে অভিযান অব্যাহত ৰাখিব বুলিও বিভাগটোৰ সহকাৰী বিষয়া মজিবুৰ ৰহমানে জানিবলৈ দিয়ে (Barpeta News) ৷
থলুৱা শিপিনীক মাধমাৰ শোধাই বহিঃৰাজ্যৰ গামোচাই দীৰ্ঘদিন ধৰি অসমৰ বজাৰ দখল কৰি আহিছে ৷ যিকোনো অনুষ্ঠানতে পাৱাৰলুমৰ গামোচাৰ পয়োভৰ ব্যাপক ৰূপত হোৱা দেখিবলৈ পোৱা যায় ৷ কাৰণ কম দামতে উপলব্ধ হয় এই পাৱাৰলুমৰ গামোচা ৷ ফলত অশেষ কষ্ট কৰি অসমৰ শিপিনী সকলে প্ৰস্তুত কৰি উলিওৱা গামোচাই দখল কৰিব পৰা নাছিল বজাৰ ৷
উল্লেখযোগ্য যে, বিগত কিছুদিন পূৰ্বে ৰাজ্য চৰকাৰে পাৱাৰলুমত প্ৰস্তুত কৰা গামোচাৰ লগতে বহিঃৰাজ্যৰ বিদ্যুৎ চালিত শালত বোৱা চাদৰ-মেখেলা, আৰ'নাই আদি বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছিল (Power loom gamochas ban in Assam)৷ ইয়াৰ পাছতেই ৰাজ্যৰ হস্ততাঁত বস্ত্ৰশিল্প বিভাগে ৰাজ্যৰ বজাৰে বজাৰে পাৱাৰলুমত প্ৰস্তুত কৰা গামোচা, মেখেলা চাদৰ, আৰ'নাই আদিৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে (Drive against Power looms Gamocha in Assam) ৷
লগতে পঢ়ক : Polluted cities of Assam: বিধানসভাত প্ৰদূষণৰ কৱলত পৰা অসমৰ পাঁচখন চহৰৰ প্ৰসংগ