জনিয়া,24 নৱেম্বৰঃ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ মৃত্যুত শোক প্ৰকাশ কৰিছে জনিয়াৰ বিধায়ক ৰফিকুল ইছলামে ৷ তৰুণ গগৈৰ মৃত্যু অসম মাতৃৰ বাবে এক অপুৰণীয় ক্ষতি বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷ তৰুণ গগৈয়ে নিজৰ গোটেই জীৱন ৰাইজৰ সেৱাৰ বাবে উচৰ্গা কৰিছিল আৰু ইয়াক অসমবাসীয়ে সদায় স্মৰণ কৰিব বুলিও কয় বিধায়ক ৰফিকুল ইছলামে ৷
ইয়াৰ উপৰিও প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ মৃত্যুত জনীয়াৰ ৰূপসী ব্লক কংগ্ৰেছ কমিটিয়েও শোক প্ৰকাশ কৰে ৷ উল্লেখ্য যে,সোমবাৰে বিয়লি 5.34ত জি এম চি এইচত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷
লগতে পঢ়ক-কোলাত কেঁচুৱা লৈ ভূমি বিচাৰি নগাঁৱত আমৰণ অনশন মহিলাৰ