ৰঙিয়া,29 মাৰ্চ: কংগ্ৰেছ চৰকাৰৰ পোন্ধৰ বছৰৰ পাচত পৰিৱৰ্তনৰ শ্ল'গান দিয়া বিজেপি চৰকাৰৰো পাঁচটা বছৰ উকলিল ৷ কিন্তু পৰিৱৰ্তনৰ ঢৌৱে স্পৰ্শ কৰিব নোৱাৰিলে ৰঙিয়াৰ বনগাঁও 2নং ৱাৰ্ডৰ মূল পথটো ৷ বছৰৰ পাচত বছৰ ধৰি চৰকাৰী পক্ষৰ অৱহেলাৰ বলি হৈ আহিছে পথটো যাৰ বাবে সোমবাৰে প্ৰতিবাদ সাব্যস্ত কৰিলে স্থানীয় লোক সকলে ৷ স্থানীয় লোকৰ অভিযোগ বিগত বছৰ সমূহত প্ৰতিখন চৰকাৰে গাঁওখনৰ সমস্যা সমূহক পিঠি দি আহিছে ৷ সেয়েহে No Road No Vote শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷
উল্লেখ্য যে, গাঁওখনৰ কাষেৰে বৈ যোৱা বৰলীয়া নৈ খনেও ঠায়ে ঠায়ে খহাই নিছে পথটো ৷ খহনীয়াৰ কৱলত পৰা পথটো কোনো কোনো ঠাইত এফুট বা ডেৰফুটহে বাকী আছেগৈ ৷ পথটোৰ এই দুৰাৱস্থাৰ বাবে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ পৰা ব্যৱসায় বাণিজ্যলৈ সকলো দিশতে বহুত অসুবিধাৰ সন্মুখিন হৈ আহিছে গাঁওবাসী ৷ আনকি পথটোৰ বাবে গাঁওখনলৈ আহিব নোৱাৰে কোনো জৰুৰী কালীন সেৱাৰ বাহন ৷
স্থানীয় ৰাইজৰ অভিযোগ ৰঙিয়াৰ গাতে লাগি থকা অঞ্চলটোত পথটোৰ এই অৱস্থাৰ বাবে ছোৱালীৰ বিয়াৰ ক্ষেত্ৰটো নানান আহুকালে দেখা দিছে ৷ গতিকে এইবেলি ৰাইজে নিৰ্বাচনৰ আগত ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷
লগতে পঢ়ক: লুৰিণজ্যোতিৰ মাতৃৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ ল'লে আছুৰ উপদেষ্টাই