ETV Bharat / state

Public protest in Kalgachia:কলগাছিয়াৰ লাংলা গাঁৱত জনপ্ৰতিনিধিৰ প্ৰৱেশ নিষিদ্ধ

কলগাছিয়াৰ লাংলা গাঁৱত জনপ্ৰতিনিধিৰ ভৰষা বাদ দি ৰাইজে গাঁঠিৰ ধনেৰে নিৰ্মাণ কৰিলে পথ । জনপ্ৰতিনিধিৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ । বিধায়ক ৰফিকুল ইছলাম আৰু সাংসদ আব্দুল খালেকক লাংলা গাঁৱত প্ৰবেশ নিষিদ্ধ ।

author img

By

Published : Jul 20, 2023, 3:16 PM IST

protest in Kalgachia
ৰাইজে গাঁঠিৰ ধনেৰে নিৰ্মাণ কৰিলে পথ
ৰাইজে গাঁঠিৰ ধনেৰে নিৰ্মাণ কৰিলে পথ

জনিয়া, ২০ জুলাই:বৰপেটা জিলাৰ ৰূপসী উন্নয়ন খণ্ডৰ তিতাপানী গাঁও পঞ্চায়তত এটা পথক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে । স্বাধীনতাৰ সাত দশক পিচতো চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই পথটোক । সেয়েহে জনপ্ৰতিনিধিৰ ভৰসা বাদ দি ৰাইজে গাঁঠিৰ ধন ব্য়য় কৰি প্ৰায় তিনি লাখ টকাৰে নিৰ্মাণ কৰিলে ডেৰ কিলোমিটাৰ পথ ।

উল্লেখযোগ্য যে বৰপেটা জিলাৰ জনিয়া সমষ্টিৰ অন্তৰ্গত লাংলা বজাৰৰ পৰা হৰিৰচৰ বানাত মাদ্ৰাছালৈ যোৱা পথটোক ৭৬ বছৰেই কোনো এজন জনপ্ৰতিনিধিয়ে গুৰুত্ব প্ৰদান নকৰাত দুৰ্ভোগত ভুগিছে ৰাইজে । কিয়নো এইটো পথৰে লাংলা বজাৰত প্ৰত্যেক দিনাই ৫-৬ হাজাৰ লোক অহা যোৱা কৰে । কিন্তু এই পথছোৱা কদৰ্যময় হৈ থকাৰ ফলত ছাত্ৰ-ছাত্ৰী, সাধাৰণ ৰাইজৰ লগতে ৰোগীক অনা নিয়াৰ ক্ষেত্ৰত হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে । এইক্ষেত্ৰত ভুক্তভোগী ৰাইজে জনিয়াৰ বিধায়ক ৰফিকুল ইছলাম আৰু সাংসদ আব্দুল খালেকক এই পথটো নিৰ্মাণৰ বাবে বাৰে বাৰে অৱগত কৰাৰ পিছত কোনো কাণসাৰ নিদিয়াৰ অভিযোগ উঠিছে । যাৰ বাবে জনপ্ৰতিনিধিৰ ভৰসা বাদ দি ৰাইজৰ গাঁঠিৰ ধন খৰছ কৰি আৰু ৰাইজৰ পৰা ধন সংগ্ৰহ কৰি নিজা শ্ৰমদানেৰে বৃহৎ লাংলা বজাৰৰ পৰা আৰম্ভ কৰি হৰিৰচৰ বানাত মাদ্ৰাছালৈ ৰাস্তাৰ কাম আৰম্ভ কৰে ।

প্ৰতিবাদকাৰীসকলে ক্ষোভ প্ৰকাশ কৰি কয় যে কেৱল নিৰ্বাচন আহিলে ভোটাৰ ৰাইজৰ আদৰ বাঢ়ে, কিন্তু নিৰ্বাচনত জনপ্ৰতিনিধিয়ে জয়ী হোৱাৰ পিছত ৰাইজৰ দুখ দুৰ্দশাৰ কথা পাহৰি যায় । যাৰ বাবে ৰাইজে আগন্তুক নিৰ্বাচনত বিধায়ক হাফিজ ৰফিকুল ইছলাম আৰু সাংসদ আব্দুল খালেকক লাংলা গাঁৱত প্ৰবেশ নিষিদ্ধ কৰিছে । প্ৰতিবাদকাৰীসকলে এনে বিধায়ক, সংসদৰ প্ৰয়োজন নাই বুলি ক্ষোভ উজাৰে । যাৰ বাবে উক্ত গাঁওখনৰ ৰাইজে ওলাই আহি "অসম চৰকাৰ হায় হায়, আব্দুল খালেক গ' বেক, হাফিজ ৰফিকুল ইছলাম গ' বেক, অসম চৰকাৰ হায় হায়, বিভাগীয় কৰ্তৃপক্ষ হায় হায়, অকৰ্মণ্য় বিধায়ক-সাংসদ মূর্দাবাদ ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে ।

লগতে পঢ়ক:House engulfed in fire Update:নুনমাটিৰ ৰামসিং চাপৰিত সংঘটিত অংগ্নিকাণ্ডৰ নতুন মোৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.