ETV Bharat / state

ৰৌমাৰী গাঁও প্ৰাথমিক বিদ্যালয়ত ইউনিফৰ্মক প্ৰদানৰ নামত দুৰ্নীতিৰ অভিযোগ

author img

By

Published : Jan 20, 2021, 5:44 PM IST

বৰপেটাৰ ১২০নং ৰৌমাৰী গাঁও প্ৰাথমিক বিদ্যালয়ত নিম্নমানৰ ইউনিফৰ্মক প্ৰদান কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ । বিদ্যালয় কৰ্তৃপক্ষই নিম্নমানৰ ইউনিফৰ্ম ব্যৱহাৰ কৰিবলৈ হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ । ক্ষুদ্ধ ৰাইজে জবাবদিহি কৰিলে বিদ্যালয় কৰ্তৃপক্ষক ।

ৰৌমাৰী গাঁও প্ৰাথমিক বিদ্যালয়ত ইউনিফৰ্মক প্ৰদানৰ নামত দুৰ্নীতিৰ অভিযোগ
ৰৌমাৰী গাঁও প্ৰাথমিক বিদ্যালয়ত ইউনিফৰ্মক প্ৰদানৰ নামত দুৰ্নীতিৰ অভিযোগ

বৰপেটা, ২০ জানুৱাৰী: বুধবাৰে বৰপেটাৰ ১২০নং ৰৌমাৰী গাঁও প্ৰাথমিক বিদ্যালয়ত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয় । ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্মৰ নামত বিদ্যালয়খনত দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে । চেঙা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত এই বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ বাবে যোগান ধৰা হৈছে অতি নিম্নমানৰ ইউনিফৰ্ম । আনকি মাপ নোলোৱাকৈ জধে-মধে তৈয়াৰ কৰা ইউনিফৰ্ম অধিকাংশ ছাত্ৰ-ছাত্ৰীয়ে পৰিধান কৰিব পৰা নাই ।

কিছুমান ছাৰ্টত বুটাম নাই, আন কিছুমান পেণ্ট ছাত্ৰৰ বাবে সৰু হৈছে । ডাঙৰ পেণ্টবোৰ ৰচিৰে বান্ধি ল'বলগীয়া হৈছে । এম এছ স্মাৰ্ট এন্টাৰপ্ৰাইজ নামৰ এটা প্ৰতিষ্ঠানে লাভ কৰিছিল বিদ্যালয়খনৰ ইউনিফৰ্মৰ নিবিদা । কিন্তু প্ৰতিষ্ঠানটোৱে নিম্নমানৰ ইউনিফৰ্ম যোগান ধৰাত এম এছ স্মাৰ্ট এন্টাৰপ্ৰাইজ, বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু পৰিচালনা সমিতিৰ বিষয়ববীয়াৰ ওপৰত ক্ষোভিত হৈ পৰে ৰাইজ ।

ধনৰ লালসাত অতি নিম্নমানৰ আৰু বিসংগতিপূৰ্ণ ইউনিফৰ্ম যোগান ধৰা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । লগতে এই বিষয়ত অভিযোগ উত্থাপন নকৰিবলৈ একাংশ লোকক ৪০০ টকাকৈ দিয়া হৈছে বুলি গুৰুতৰ অভিযোগ তুলিলে একাংশ লোকে আৰু ইয়াৰ সাক্ষ্য প্ৰদান কৰিব বুলিও স্পষ্ট কৰি দিয়ে । এই সন্দৰ্ভত উচিত তদন্ত কৰি বিভাগীয় কৰ্তৃপক্ষক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক:চিৰাঙত সদৌ অসম আশা কৰ্মী সন্থাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.