ETV Bharat / state

বৰপেটা অসামৰিক চিকিৎসালয়ত ৰোগীৰ লগত চলিছে ল’ৰা-ধেমালি !

author img

By

Published : Oct 5, 2021, 8:28 PM IST

মুখ্যমন্ত্ৰীৰ বিনামূলীয়া ৰোগ নিৰ্ণায়ক সেৱা কেন্দ্ৰত ৰোগীৰ লগত কৰ্মচাৰীৰ ল’ৰা ধেমালি । তিনিবাৰকৈ প্ৰস্ৰাৱৰ নমুনা দিয়াৰ পিছতো ৰোগীয়ে নাপালে ৰোগ নিৰ্ণায়ক প্ৰতিবেদন । বৰপেটা অসামৰিক চিকিসালয়ৰ বিনামূলীয়া ৰোগ নিৰ্ণায়ক সেৱা কেন্দ্ৰত সংগঠিত হৈছে এই ঘটনা ।

বৰপেটা অসামৰিক চিকিৎসালয়ত ৰোগীৰ লগত চলিছে ল’ৰা-ধেমালি

জনীয়া, 5 অক্টোবৰ : বৰপেটা জিলাৰ বৰপেটা অসামৰিক চিকিৎসালয়ত সংঘটিত হৈছে এক নাভূত-নাশ্ৰুত কাণ্ড । ঘটনা অনুসৰি তিনিবাৰকৈ প্ৰস্ৰাৱৰ নমুনা দিয়াৰ পিছতো ৰোগীয়ে নাপালে ৰোগ নিৰ্ণায়ক প্ৰতিবেদন ।

জানিবপৰা মতে, যোৱা ২ অক্টোবৰত কলগাছিয়াৰ আমগুৰি গাঁৱৰ মক্ৰম আলীৰ কন্যাৰ ৰোগ নিৰ্ণয় কৰাৰ বাবে প্ৰস্ৰাৱৰ নমুনা পৰীক্ষা কৰিবলৈ HLL হিন্দলেব নামৰ মুখ্যমন্ত্ৰীৰ বিনামূলীয়া ৰোগ নিৰ্ণায়ক সেৱা কেন্দ্ৰত দিছিল । ইপিনে প্ৰস্ৰাৱৰ নমুনা হেৰাই যোৱাত HLL হিন্দলেবৰ কৰ্মচাৰীয়ে একে দিনাই পুনৰ প্ৰস্ৰাৱৰ নমুনা সংগ্ৰহ কৰি ৫ অক্টোবৰ অৰ্থাৎ মঙলবাৰে ৰোগ নিৰ্ণায়ক প্ৰতিবেদন সংগ্ৰহ কৰিবলৈ কয় ।

সেই হিচাপে মক্ৰম আলীয়ে মঙলবাৰে ৰোগ নিৰ্ণায়ক প্ৰতিবেদন সংগ্ৰহ কৰিবলৈ আহে যদিও প্ৰস্ৰাৱৰ নমুনা পুনৰ হেৰাই যোৱা বুলি অভিযোগ কৰিছে ভুক্তভোগীয়ে । এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ বিনামূলীয়া ৰোগ নিৰ্ণায়ক সেৱা কেন্দ্ৰত থকা HLL হিন্দলেবৰ কৰ্মচাৰীৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছে ।

লগতে পঢ়কঃ উত্তৰ প্ৰদেশৰ লখিমপুৰ কাণ্ডৰ বিৰুদ্ধে বৰপেটাত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.