ETV Bharat / state

Corruption in Road construction: বাঘবৰত পথ নিৰ্মাণৰ নামত ব্যাপক অনিয়মৰ অভিযোগ

author img

By

Published : Nov 24, 2022, 11:53 AM IST

বাঘবৰত পথ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ ৷ কাম সমাপ্ত কৰাৰ দুমাহ পাৰ নহওঁতেই জহি-খহি যায় বাঘবৰ সমষ্টিৰ বালাজানৰ পৰা সোনাবাৰীলৈ যোৱা লোক নিৰ্মাণ বিভাগৰ অন্তৰ্গত পথচোৱা (Allegation of Corruption in road construction) ৷ পথচোৱা ভাঙি যোৱাত ক্ষুব্ধ ৰাইজে পথচোৱা নিৰ্মাণৰ আৱন্তন পোৱা ঠিকাদাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ ৷

Allegation of Corruption in the name road construction in Baghbor Barpeta
পথ নিৰ্মাণৰ নামত অনিয়মৰ অভিযোগত প্ৰতিবাদ বাঘবৰত

জনীয়া, 24 নৱেম্বৰ: ৰাজ্যৰ বাটপথ সূচল কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে হাতত লৈছে বিভিন্ন কাৰ্যসূচী । কিন্তু কিমান উন্নত মানৰ হৈছে ৰাজ্যৰ বাট-পথ নিৰ্মাণৰ কাম ? পথ নিৰ্মাণৰ নামত একাংশ ঠিকাদাৰে কৰি অহা দুৰ্নীতি কোনো নতুন কথা নহয় । এইচাম ঠিকাদাৰৰ দুৰ্নীতিৰ বাবেই নিৰ্মাণৰ পাছতেই জহি খহি যায় পথসমূহ (Contractor corruption in road construction) । আন্তঃগাঁথনি উন্নয়ণৰ নামত আৱন্টিত পুজিৰ ব্যাপক অপচয় কৰি নিজৰ পকেট গৰম আহিছে ঠিকাদাৰৰ লগতে একাংশ চৰকাৰী বিষয়া কৰ্মচাৰীয়ে ৷

শেহতীয়াকৈ বাঘবৰ সমষ্টিত সংঘটিত হৈছে পথ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি ৷ কলগাছিয়া ৰাজহ চক্ৰ তথা বাঘবৰ সমষ্টিৰ অন্তৰ্গত বালাজানৰ পৰা সোনাবাৰীলৈ যোৱা গড়কাপ্তানী পথচোৱা নিৰ্মাণৰ দায়িত্ব দিয়া হৈছিল দুজন ঠিকাদাৰক ৷ ঠিকাদাৰ ফজল আৰু আমিনুলক দিয়া হৈছিল পথচোৱা নিৰ্মাণৰ দায়িত্ব ৷ কিন্তু দুই ঠিকাদাৰে অতি নিম্নমানৰ কাম কৰি ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ ৰাইজৰ অভিযোগ, কম খৰচত কাম কৰি সিংহ ভাগ টকা আত্মসাৎ কৰিছে ঠিকাদাৰ ফজল আৰু আমিনুলে ।

কাম সম্পূৰ্ণ কৰাৰ দুমাহ পাৰ নহওঁতেই পথচোৱা ভাঙি জহি-খহি যায় (Poor road in Baghbor) ৷ যাৰ ফলত একপ্ৰকাৰে যাতায়ত ব্যাহত হৈ পৰিছে বৃহত্তৰ অঞ্চলটোত ৷ তাৰোপৰি এই পথচোৱাৰে দৈনিক আহ-যাহ কৰে অলেখ পথচাৰীয়ে ৷ ছাত্ৰ-ছাত্ৰীকে আদি কৰি বয়োজেষ্ঠসকলে এই পথচোৱাৰে পাৰ হওতে সন্মুখীন হয় বহু সমস্যাৰ ৷ প্ৰতিদিনেই বিপদসংকুল যাত্ৰা কৰিব লগা হৈছে অঞ্চলবাসী ৰাইজে ৷ ইতিমধ্যেই বহুকেইটা দুৰ্ঘটনা সংঘটিত হৈছে এই পথচোৱাত ৷

ইয়াৰোপৰি এই পথচোৱাত এটা কালভাৰ্ট নিৰ্মাণ কৰিছিল যদিও অতি নিম্নমানৰ কামৰ বাবে বাৰিষাৰ সময়ত কালভাৰ্টটো ভাঙি বিধ্বস্ত হৈ যায় । যাৰ ফলত ব্যাহত হৈ পৰিছে জৰুৰীকালীন সেৱাও।

এনেদৰে পথচোৱা ভাঙি যোৱাত ক্ষুব্ধ ৰাইজে আজি অৰ্থাৎ বৃহস্পতিবাৰে সাব্যস্ত কৰে প্ৰতিবাদ (Protest against Contractor corruption) ৷ অসম চৰকাৰ হাই হাই, ফজল ঠিকাদাৰ হাই হাই, আমিনুল ঠিকাদাৰ হাই হাই, পথ মেৰামতি কৰিবই লাগিব আদি শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ ।

অতি শীঘ্ৰেই পছচোৱা মেৰামতি কৰাৰ লগতে বিভাগীয় কৰ্তৃপক্ষক উচিত তদন্ত মৰ্মে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ভুক্তভোগী ৰাইজে । এতিয়া প্ৰশ্ন হয়, এই দুৰ্নীতিপৰায়ণ ঠিকাদাৰসকলক নাকী লগাব পাৰিব নে বিভাগীয় কতৃপক্ষই ? নে পথ নিৰ্মাণৰ নামত এনেকৈয়ে পুজিৰ ধনৰ অপচয় হৈ থাকিব ?

লগতে পঢ়ক: RTI workers attacked: পঞ্চায়তৰ আঁচনি ৰূপায়নৰ তথ্য বিচৰাৰ বাবেই আৰ টি আই কৰ্মীক আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.