ETV Bharat / state

জৰাজীৰ্ণ পথে জলাকলা খুৱাইছে জনীয়াবাসীক

author img

By

Published : Aug 29, 2022, 2:09 PM IST

চৰকাৰে ৰাজ্য়ৰ ৰাস্তা-ঘাটৰ উন্নয়ণৰ কথা যিমানেই নকওক কিয় বৰ্তমানো একাংশ পথৰ দৃশ্য দেখিলে আপোনাৰো মনত উদয় হ'ব এটা প্ৰশ্নৰ- উন্নয়ণ ক'ত ? ৰাজ্যৰ বহু প্ৰান্তৰ দৰে এটা পথৰ দুৰাৱস্থাৰ বাবে চৰম দুৰ্ভোগ ভুগিছে জনীয়াৰ গাগলমাৰীবাসী ৰাইজে(Poor road condition in Janiya) । উপায়ন্তৰ হৈ ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ(Protest in Jania) ।

protest in jania demanding construction of road
জৰাজীৰ্ণ পথে জলাকলা খুৱাইছে জনীয়াবাসীক

জনীয়া,২৯ আগষ্ট: বৰপেটা জিলাৰ ঐতিহ্যমণ্ডিত জনীয়া সমষ্টিৰ শিতুলী গাঁও পঞ্চায়তৰ অন্তৰ্গত গাগলমাৰী গাঁৱৰ ৰাইজে এটা পথৰ দুৰাৱস্থাৰ বাবে চৰম দুৰ্ভোগ ভুগিছে(Poor road condition in Janiya) । বিগত ২০ বছৰ পূৰ্বে এই পথটো নিৰ্মাণ কৰা হৈছিল যদিও বানত ভাঙি যোৱাৰ ফলত ভয়ংকৰ পৰিবেশৰ সৃষ্টি হৈছে । যাৰ বাবে ব্যাহত হৈ পৰিছে জৰুৰীকালীন সেৱা ।

প্ৰতিদিনেই এই পথটোৰে হাজাৰ হাজাৰ ৰাইজে জনীয়াৰ পৰা বাঘবৰ ৰাজহ চক্ৰৰ কাৰ্যালয়, বৰপেটা চিকিৎসা মহাবিদ্যালয়, মন্দিয়া খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়, প্ৰাথমিক শিক্ষা খণ্ডৰ কাৰ্যালয় আৰু বৰপেটা এম চি মহাবিদ্যালয়লৈ যোৱাৰ একমাত্ৰ পথ হিচাপে ব্যৱহাৰ কৰে । কিন্তু বৰ্তমান এক শংকাৰ মাজেৰে যাতায়ত কৰিব লগা হৈছে ৰাইজে ।

জৰাজীৰ্ণ পথে জলাকলা খুৱাইছে জনীয়াবাসীক

ইমানৰ পাছতো জনীয়াৰ বিধায়ক, বৰপেটাৰ সাংসদৰ লগতে কোনো এজন প্ৰতিনিধিয়েও পথটো উন্নয়ণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । উল্লেখ্য যে, এই পথচোৱাত প্ৰায় প্ৰতিদিনেই সংঘটিত হয় দুৰ্ঘটনা । যাৰ বাবে ৰাইজে জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ উজাৰি বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে(Protest in Jania) । আৰু আগন্তুক দিনত যিসকল প্ৰতিনিধিয়ে কাম কৰিব তেওঁলোককহে ভোট দিব বুলি জানিবলৈ দিয়ে প্ৰতিবাদকাৰীসকলে । লগতে পথচোৱা অতিশীঘ্ৰে মেৰামতি কৰি যাতায়ত ব্যৱস্থা সুচল কৰি দিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক: ডিব্ৰুগড়ৰ টিংখাঙত ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ’ল বিদ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.