ETV Bharat / state

কলগাছিয়াৰ ধৰ্মপুৰত ঋণ মাফৰ দাবীৰে মহিলাৰ বিক্ষোভ

author img

By

Published : Jun 4, 2020, 10:52 AM IST

বিভিন্ন মাইক্ৰ ফাইনেন্স কোম্পানীৰ পৰা মহিলা সকলে লোৱা ঋণৰ কৃষ্টি আদায় কৰিবৰ নোৱাৰাৰ বাবে এই বিক্ষোভ প্ৰদৰ্শন কৰিছে মহিলা সকলে ৷ চৰকাৰলৈ ঋণ মাফৰ দাবী মহিলা সকলৰ ৷

Protest by women at Jania demanding loan relief
কলগাছিয়াৰ ধৰ্মপুৰত ঋণ মাফৰ দাবীৰে মহিলাৰ বিক্ষোভ

জনিয়া, 4 জুন: লক ডাউনৰ মাজতে ঋণ মাফৰ দাবীৰে কলগাছিয়াৰ ধৰ্মপুৰত বিভিন্ন আত্নসহায়ক গোটৰ মহিলা সকলে বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে ৷ বিভিন্ন মাইক্ৰ ফাইনেন্সৰ পৰা মহিলা সকলে লোৱা ঋণৰ কৃষ্টি আদায় কৰিব নোৱাৰাৰ বাবে এই বিক্ষোভ প্ৰদৰ্শন কৰিছে মহিলা সকলে ৷ চৰকাৰলৈ ঋণ মাফৰ দাবী মহিলা সকলৰ ৷

উল্লেখ্য যে, দেশত প্ৰায় 3 মাহ জুৰি বাহাল থকা লক ডাউনৰ বাবে উপাৰ্জনৰ সকলো পথ বন্ধ হৈ পৰাত দুবেলা-দুমুঠি অন্নৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে দেশৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালে ৷ তাৰ মাজতে চৰকাৰে ঘোষণা কৰা "আনলক-01" ৰ পাছতে ঋণৰ কিস্তি পৰিশোধৰ বাবে হেঁচা প্ৰযোগ কৰিছে বিভিন্ন মাইক্ৰ ফাইনেন্স বিত্তীয় প্ৰতিষ্ঠান সমূহৰ কৰ্মচাৰী সকলে ৷ ফলত উপায়ন্তৰ হৈ পৰিছে ৰাজ্যৰ সাধাৰণ পৰিয়ালৰ মহিলা সকল ৷

বিত্তীয় প্ৰতিষ্ঠান সমূহৰ কৰ্মচাৰীয়ে ঘৰত আহি প্ৰয়োগ কৰা কিস্তিৰ হেঁচাত ঋণী সকলে ঘৰ দুৱাৰ এৰি পলায়ন কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে ৷ অৱশেষত উপায়ন্তৰ হোৱা মহিলা সকলে বুধবাৰে ধৰ্মপুৰত ঋণ মাপৰ দাবীৰে বিক্ষোভ প্ৰদৰ্শন কৰি চৰকাৰলৈ ঋণ মাফৰ বাবে আহ্বান জনাই ৷ উল্লেখ্য যে, কলগাছিয়া আৰু সৰভোগ ৰাজহ চক্ৰ এলেকাৰ ধৰ্মপুৰ, হালধীয়া পাথাৰ, ভেড়াগাও, ঘূগুবাৰী আদি গাঁওৰ 'পদুমী', 'ৰদালী', 'গোলাপ', ' চম্পা' 'মদাৰ' আদি আত্ম সহায়ক মহিলা গোট সমূহে বন্ধন, আৰোহণ, HDFC আদি বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ লৈছিল । এই ক্ষেত্ৰত চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিব সেইয়া হ'ব লক্ষণীয় ৷

লগতে পঢ়কঃ মৰিয়নীত ৰেলপথত উদ্ধাৰ যুৱকৰ মৃতদেহ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.