কলগাছিয়া, ৫ জুন : বিশ্ব পৰিৱেশ দিৱসৰ দিনাই কলগাছিয়াত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কলগাছিয়া শাখাই যুটীয়াভাৱে ভূপেন হাজৰিকা ৰংগমঞ্চ চৌহদত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।
![protest-by-kmss-at-barpeta-kalgacia-etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/06:18_kmsssmssprotest_05062020170957_0506f_1591357197_111.jpg)
বিশ্ব পৰিৱেশ দিৱস উপলক্ষে সংগঠন দুটাৰ সদস্য সকলে সামাজিক দুৰত্ব বৰ্তাই দিহিং পাটকাই অভয়াৰণ্যত কয়লা খননৰ অনুমতি বাতিল কৰা,বৃহৎ নদীবান্ধ নিৰ্মাণ বন্ধ কৰক,ডিব্ৰু ছৈখোৱা ৰক্ষা কৰক আৰু বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি প্ৰদান কৰি সমস্যা সমাধানৰ দাবী সম্বলিত প্লে'কাৰ্ড লৈ প্ৰতীকি প্ৰতিবাদ সাব্যস্ত কৰে ।
![protest-by-kmss-at-barpeta-kalgacia-etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/06:18_kmsssmssprotest_05062020170957_0506f_1591357197_903.jpg)
অনতিপলমে উক্ত সমস্যা সমূহ সমাধান কৰিবলৈ চৰকাৰক দাবী জনাই সংগঠন দুটাই ।
লগতে পঢ়ক : জাজৰিকাণ্ডৰ অভিযুক্ত দুই আৰক্ষীক তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ