ETV Bharat / state

সৰুপেটাৰ গেৰুৱাপাৰস্থিত জলসিঞ্চন বিভাগৰ কাৰ্যালয়ত প্ৰতিবাদ - জলসিঞ্চন বিভাগ

গেৰুৱাপাৰাস্থিত জলসিঞ্চন বিভাগ(Irrigation Department)ৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়টো ভৱানীপুৰ সমষ্টিৰ বাহিৰলৈ স্থানান্তৰিত কৰাৰ বাবে অসম চৰকাৰে সিদ্ধান্ত লৈছে । ভৱানীপুৰ সমষ্টিৰ ৰাইজে এই কাৰ্যালয়টো স্থানান্তৰ নকৰাৰ বাবে চৰকাৰক আহ্বান জনায় ৷

Protest at irrigation department office
বজালীৰ সৰুপেটাৰ গেৰুৱাপাৰস্থিত জলসিঞ্চন বিভাগৰ কাৰ্যালয়ত প্ৰতিবাদ
author img

By

Published : Aug 8, 2021, 1:31 PM IST

পাঠশালা, 8 আগষ্ট : শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ(Swahid Khargeswar talukdar)ৰ গৃহ সমষ্টি ভৱানীপুৰৰ গেৰুৱাপাৰাস্থিত জলসিঞ্চন বিভাগ(Irrigation Department)ৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়টো সমষ্টিটোৰ বাহিৰলৈ স্থানান্তৰিত কৰাৰ বাবে অসম চৰকাৰে ইতিমধ্যে সিদ্ধান্ত লৈছে । চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অঞ্চলটোৰ স্থানীয় ৰাইজ ৷ যাৰ বাবে শনিবাৰে জলসিঞ্চন বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয় চৌহদত সমষ্টিটোৰ ৰাইজে মিলি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

সমষ্টিটোৰ ৰাইজে এই প্ৰতিবাদৰ জৰিয়তে কাৰ্যালয়তো সেই স্থানৰ পৰা স্থানান্তৰিত নকৰিবলৈ চৰকাৰক আহ্বান জনাইছে ৷ উল্লেখ্য যে, এই কাৰ্যালয়টো ইয়াত থকাৰ বাবে ভৱানীপুৰ সমষ্টিৰ ৰাইজ বিশেষকৈ দুখীয়া খেতিয়কৰ লগতে ক্ষুদ্ৰ ব্যৱসায়ীয়ে ব্যৱসায় আৰু বাণিজ্য কৰাত যথেষ্ট উপকৃত হৈছিল ।

লগতে পঢ়ক : চন্দ্ৰপুৰত Dumping Ground ৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.