পাঠশালা, 4 ডিচেম্বৰ : ৰাজ্যত এতিয়া ঠায়ে ঠায়ে চলিছে ভূমি অধিগ্ৰহণ প্ৰক্ৰিয়া ৷ সেয়ে পাঠশালাৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ হৰিপুৰ আৰু মৰকা চ'কত অসম মালা আঁচনিৰ অধীনত সৰ্থেবাৰীলৈ নিৰ্মাণ কৰা হ'ব এটা নতুন পথ (Construction of New Road in Bajali)। প্ৰায় 17.36 কিল’মিটাৰ পথচোৱাই সংযোগ কৰিব বৰপেটাৰ সৰ্থেবাৰীক ৷ যাৰ বাবে তীব্ৰগতিত চলিছে ভূমি অধিগ্ৰহণ প্ৰক্ৰিয়া ৷
এই পথচোৱাই যদি বজালীৰ ডুবি, মালিপাৰা, বাগনা, বনগাঁও আদি অঞ্চলক স্পৰ্শ কৰে, তেন্তে উচন হ'ব বহু পৰিয়ালৰ মাটি-ভেঁটি ৷ ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষই কোনো আগতীয়া জাননী অবিহনে পাঠশালাৰ ৰায়পুৰৰ একাংশ পৰিয়ালৰ ঘৰৰ মাজতে মাৰিছে চৰকাৰী খুঁটি ।
তাৎপৰ্যপূৰ্ণভাৱে পাঠশালাৰ পৰা সৰ্থেবাৰী সংযোগী ড৹ জিনাৰাম পথ থকা স্বত্বেও চৰকাৰে এই পথচোৱাৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰি একাংশ ঠিকাদাৰক ধন ঘটাৰ বাবে সুবিধা কৰি দিয়া পৰিলক্ষিত হৈছে ৷ তৎস্বত্বেও আজিপৰ্যন্ত পূৰ্বৰ পথচোৱাৰে সূচল নহ'ল যাতায়াত । তাৰ বিপৰীতে নতুন পৰিকল্পনাৰে এনেদৰে পথ নিৰ্মাণ কৰাত বহু পৰিয়ালৰ জীৱনলৈ নামি আহিছে বৃহৎ সমস্যা ।
যদি নতুন স্থানত পথ নিৰ্মাণ কৰা হয়, তেন্তে উচন হ'ব প্ৰায় ৩০০ পৰিয়ালৰ মাটি-ভেঁটি ৷ সেয়ে এতিয়া সেই স্থানৰ লোকসকলে পৰিয়ালৰ ভেটি অটুট ৰাখিবলৈ মুখ্যমন্ত্ৰীক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ৷
লগতে পঢ়ক : Rugby Football Game : বজালীত ৰাগবি খেলৰ পূৰ্ণ অনুশীলন