বৰপেটা,৮ এপ্ৰিল: বৃহস্পতিবাৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে বৰপেটা জিলাৰ নসত্ৰস্থিত কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত হৈ গুৰুৰ আশীষ গ্ৰহণ কৰে । বিটিআৰত ১১ খন আসনেই ইউপিপিএল-এ পোৱাটো নিশ্চিত বুলি সংবাদ মাধ্যমৰ আগত দাবী প্ৰমোদ বড়োৰ । হিন্দু-অনাবড়োৰ ভোট লাভ কৰিছে ইউপিপিএল-এ । অসমত মিত্ৰজোঁটৰ চৰকাৰ নিশ্চিত বুলি দাবী বড়োৰ ।
বিগত পাঁচ বছৰে ৰাজ্যৰ শাসনবাৰ চম্ভালি অহা চৰকাৰক লৈ অসমৰ ৰাইজ সন্তুষ্ট বুলিও মন্তব্য কৰে বড়োৱে । বিপিএফে ৰাজনীতিৰ কাৰণে ৰাজনীতি কৰিছে বুলি কটাক্ষ কৰে বিটিআৰ প্ৰধান গৰাকীয়ে । লগতে কৰ’ণাক অৱজ্ঞা কৰা উচিত নহয় বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে ।
লগতে পঢ়ক: ডিমৌৰ কৃষি বিভাগৰ গুদামত অগ্নিকাণ্ড