ETV Bharat / state

জনীয়াৰ ৰাজপথত প্ৰধানমন্ত্ৰীৰ প্ৰতিকৃতি জ্বলালে বন্ধ সমৰ্থকে

জনীয়াত ভাৰত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক । জনীয়াৰ তিনিআলি চকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ কৰে জনীয়া মণ্ডল কংগ্ৰেছ আৰু জনীয়া যুৱ কংগ্ৰেছৰ কৰ্মকৰ্তাই ।

জনীয়াত ভাৰত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক
জনীয়াত ভাৰত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক
author img

By

Published : Dec 8, 2020, 6:21 PM IST

Updated : Dec 9, 2020, 4:06 PM IST

জনীয়া, ৮ ডিচেম্বৰ: পঞ্জাৱ, হাৰিয়ানাৰ কৃষকেই নহয়, দিল্লীত অব্যাহত থকা কৃষক বিদ্ৰোহৰ প্ৰতি এতিয়া সমৰ্থন আগবঢ়াইছে দেশৰ ভিন্ন প্ৰান্তৰ কৃষকে । কৃষি আইনৰ বিৰোধিতাৰে কৃষক সমাজে আৰম্ভ কৰা প্ৰতিবাদৰ প্ৰতি সমৰ্থন জনাইছে ৰাজনৈতিক দল আৰু বিভিন্ন সংগঠনে । কৃষক ইউনিয়নে মঙলবাৰে আহ্বান জনোৱা ভাৰত বন্ধৰ প্ৰতিও সমৰ্থন আগবঢ়াইছে বিভিন্ন সংগঠনৰ লগতে কংগ্ৰেছ দলে । বৰপেটাৰ জনীয়াতো আজি ভাৰত বন্ধৰ ব্যাপক প্ৰভাৱ পৰিলক্ষিত হয় ।

জনীয়া তিনিআলি চকত জনীয়া মণ্ডল কংগ্ৰেছ আৰু জনীয়া যুৱ কংগ্ৰেছৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ কৰি কৃষি আইনৰ বিৰোধিতা কৰে কংগ্ৰেছৰ নেতা-কৰ্মীসকলে । পুৱা ৫ বজাৰ পৰা জনীয়া, কলগাছিয়া, খৰিচালা, বালাগাঁও, লাংলা, তিতাপানী, বনঘূগী, আদি অঞ্চলত দোকান-পোহাৰ বন্ধ থাকে । লগতে যানবাহন চলাচলো সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰা পৰিলক্ষিত হয় । ভাৰত বন্ধৰ প্ৰতি ঠায়ে ঠায়ে সাধাৰণ লোকেও সমৰ্থন জনায় ।

লগতে পঢ়ক:বৰপেটাত 18 গৰাকী নিবনুৱা যুৱকক প্ৰদান চাৰিচকীয়া বাহন

Last Updated : Dec 9, 2020, 4:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.