ETV Bharat / state

ৰজনীকান্ত বৰদলৈৰ স্মৃতি বিজড়িত ডাক বাংলো সংৰক্ষণৰ দাবী

author img

By

Published : Dec 19, 2021, 3:17 PM IST

উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ স্মৃতি বিজড়িত হাউলীৰ ডাক বাংলো (Memories of Rajanikanta Bordoloi) সংৰক্ষণ সমিতিৰ লগতে হাউলীৰ বিভিন্ন দল সংগঠনৰ নেতৃত্বত শনিবাৰে ৰজনীকান্ত বৰদলৈৰ স্মৃতি বিজৰিত হৈ থকা ডাক বাংলো সংৰক্ষণৰ দাবীৰে সংবাদমেল সম্বোধন ৷

Memories of Rajanikanta Bordoloi
হাউলীত ঐতিহ্য সংৰক্ষণ আৰু উন্নয়ন খণ্ড স্থাপনৰ দাবীত দল সংগঠনৰ সংবাদমেল

বৰপেটা, 19 ডিচেম্বৰ : মানৰ আক্ৰমণৰ লগে লগে অন্ত পৰিছিল কোচ ৰজা চণ্ডী নাৰায়ণ বৰুৱাৰ হাউলী ৰাজ্যৰ ইতিহাস ৷ এতিয়াও মানুহৰ মুখে মুখে প্ৰচলিত হৈ আছে হাউলীত থকা কোচ ৰাজত্বৰ ইতিহাসৰ বহু সমল ৷ প্ৰায় ১০০ বছৰ পূৰ্বে উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈয়ে বৰপেটাৰ হাউলীৰ সমীপৰ হালাপাকুৰি গাঁৱৰ এটি ডাক বাংলোত বহি কোচ ৰাজত্ব আৰু মানৰ আক্ৰমণক লৈ ৰচনা কৰিছিল মনোমতী উপন্যাস (Notable Assamese Novel Manomati)৷

বৰ্তমান এই ডাক বাংলো আৰু ডাক বাংলোৰ ভূমি সংৰক্ষণৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে হাউলীৰ বিভিন্ন দল সংগঠনে ৷ অসমৰ ইতিহাস আৰু ৰজনীকান্ত বৰদলৈৰ স্মৃতি বিজৰিত হৈ থকা ডাক বাংলো সংৰক্ষণৰ দাবীত (Demand to preserve memories of Rajanikanta Bordoloi) শনিবাৰে হাউলীত বিভিন্ন দল সংগঠনৰ নেতৃত্বই এইক্ষেত্ৰত ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰীক ব্যৱস্থা গ্ৰহণৰ দাবীৰে এক সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেল সম্বোধন কৰি দল সংগঠনৰ নেতৃত্বসকলে ডাক বাংলো আৰু ডাক বাংলোৰ ভূমি সংৰক্ষণৰ লগতে বিভিন্ন দাবী উত্থাপন কৰে ৷

তাৰোপৰি, হাউলীৰ একাধিক সংগঠনৰ প্ৰতিনিধিয়ে হাউলীত এটি উন্নয়ন খণ্ড স্থাপন কৰা আৰু হাউলীৰ অৰ্ধ নিৰ্মিত হৈ থকা ষ্টেডিয়াম পুনঃনিৰ্মাণ(Stadium reconstruction in barpeta)ৰো দাবী তোলে ৷

লগতে পঢ়ক : BJP Minority Morcha: বিজেপি সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি শান্তিয়াছ কুজুৰক সম্বৰ্ধনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.