ETV Bharat / state

নিৰ্বাচনক লৈ তৎপৰ হৈছে বৰপেটা প্ৰশাসন - অতিৰিক্ত উপায়ুক্ত সব্যসাচী কাশ্যপ

আগন্তুক নিৰ্বাচন সম্পূৰ্ণ মুক্ত আৰু নিকাভাৱে অনুষ্ঠিত কৰাৰ স্বাৰ্থত বৰপেটা জিলা প্ৰশাসনে অবৈধ সুৰা আৰু নিচাযুক্ত সামগ্ৰীৰ উপৰি ৫০ হাজাৰকৈ অধিক পৰিমাণৰ নগদ ধন সৰবৰাহৰ বিৰুদ্ধে ব্যাপক অভিযান আৰম্ভ কৰিছে । সেই অনুসৰি বিগত ২৬ ফেব্ৰুৱাৰীৰ পৰা বৰ্তমানলৈকে মুঠ ১১,৩৪০ লিটাৰ চুলাই মদ জব্দ কৰি ধ্বংস কৰা হৈছে । তদুপৰি ৩৭৬ লিটাৰ অবৈধভাৱে মজুত ৰখা দেশত নিৰ্মিত বিদেশী সুৰাও জব্দ কৰা হৈছে ।

নিৰ্বাচনক লৈ তৎতপৰ হৈছে বৰুপেটা প্ৰশাসন
নিৰ্বাচনক লৈ তৎতপৰ হৈছে বৰুপেটা প্ৰশাসন
author img

By

Published : Mar 14, 2021, 8:08 PM IST

বৰপেটা,১৪ মাৰ্চ: আগন্তুক নিৰ্বাচন সন্দৰ্ভত বৰপেটাৰ জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই আয়োজন কৰে এক সংবাদমেল ৷ সংবাদমেলত আৰক্ষী আৰু আবকাৰী বিভাগৰ দ্বাৰা চলোৱা অভিযান সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত অৱগত কৰে ৷

জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই উল্লেখ কৰে যে, নিৰ্বাচনত অবৈধ ধনৰ লেনদেন ৰোধ কৰাৰ বাবে নিৰ্বাচন আয়োগৰ বিধি অনুযায়ী কোনো গ্ৰহণযোগ্য নথি অবিহনে কৰা ৫০ হাজাৰ টকাৰ অধিক পৰিমাণৰ নগদ ধনৰ সৰবৰাহৰ বিৰুদ্ধেও অভিযান তীব্ৰতৰ কৰি তোলা হৈছে । সেই অনুসৰি নিৰ্বাচনৰ দিন ঘোষণাৰ দিন ধৰি ফ্লাইং স্কোৱাড আৰু স্থিৰ নিৰীক্ষক বাহিনী (এছ এছ টি)ৰ দ্বাৰা মুঠ ২৯ লাখ ৩,১০০ টকা জব্দ কৰা হৈছে । নিৰ্বাচনী বিধি উলংঘা সম্পৰ্কত অনলাইন যোগে চি-ভিজিল এপত এতিয়ালৈকে ২০ টা অভিযোগ দাখিল হৈছে ৷ লগতে আটাইবোৰ অভিযোগ তাৎক্ষণিকভাৱে নিষ্পত্তি কৰা হৈছে বুলিও উপায়ুক্ত গৰাকীয়ে সদৰী কৰে ।

নিৰ্বাচনক লৈ তৎপৰ হৈছে বৰপেটা প্ৰশাসন

সংবাদ মেলত উপস্থিত থকা জিলা উন্নয়ন আয়ুক্ত দিগন্ত দাসে এইবেলি নিৰ্বাচন আয়োগৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত কৰ্মৰত সাংবাদিকসকলকো পোষ্টেল বেলটযোগে ভোটদানৰ সুবিধা প্ৰদান কৰা হৈছে বুলি জানিবলৈ দিয়ে । তাৰ বাবে তেওঁলোকে ১৫ মাৰ্চৰ ভিতৰত ১২ ডি প্ৰ-পত্ৰ পূৰণ কৰি জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ত ভোটাৰ কাৰ্ডৰ প্ৰতিলিপিসহ জমা দিব লাগিব । অৱশ্যে যি সকলে নিজে কেন্দ্ৰলৈ গৈ ভোটদান কৰিব বিচাৰে, তেওঁলোকে এই প্ৰ-পত্ৰ পূৰণ কৰাৰ কোনো আৱশ্যক নাই বুলি তেওঁ স্পষ্ট কৰি দিয়ে ।

এইবাৰ ৮০ ৰ উৰ্দ্ধৰ ব্যক্তি আৰু শাৰীৰিকভাৱে বাধাগ্ৰস্থ লোকসকলকো ঘৰৰ পৰাই পোষ্টেল বেলট যোগে ভোটদানৰ সুবিধা প্ৰদান কৰা হৈছে । তাৰ বাবে ইতিমধ্যে ১,৭৫৭ জনে আবেদন দাখিল কৰা বুলি জানিবলৈ দিয়ে জিলা উপায়ুক্ত গৰাকীয়ে ৷ অহা ২৪, ২৫ আৰু ২৬ মাৰ্চত পৰ্যায়ক্ৰমে ঘৰে ঘৰে গৈ নিৰ্বাচনী দলে তেওঁলোকৰ ভোট সংগ্ৰহ কৰিব বুলি মন্তব্য কৰে জিলা উপায়ুক্ত গৰাকীয়ে ৷ তাৰ বাবে প্ৰয়োজনীয় বিষয়া-কৰ্মচাৰীৰ ১২০ টা দল সাজু কৰা হৈছে, যদিও প্ৰাথমিকভাৱে ৮৮ টা দলক কামত নিয়োজিত কৰা হ’ব বুলি শৰ্মাই উল্লেখ কৰে ।

এই সংবাদমেলত অতিৰিক্ত উপায়ুক্ত সব্যসাচী কাশ্যপ আৰু নৱজিৎ পাঠক, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা আৰু নিৰ্বাচন বিষয়া শশী ডেকা উপস্থিত থাকে ।

লগতে পঢ়ক: হাইলাকান্দিত ফ্লায়িং স্কোৱাডে জব্দ কৰিলে লক্ষাধিক টকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.