বৰপেটা, 31 মাৰ্চ : যোৱা 21 মাৰ্চৰ সন্ধিয়া বৰপেটাৰ বিলৰটাৰী হাটীত সংঘটিত হোৱা বৰপেটাৰ যুৱতী অধিবক্তা ৰিণিমা বেগমৰ লোমহৰ্ষক হত্যাকাণ্ডৰ 10 দিনৰ ভিতৰতেই ফাদিল হ’ল হত্যাকাণ্ডৰ প্ৰকৃত ৰহস্য (Advocate murder in Barpeta) ৷ বৃহস্পতিবাৰে বৰপেটাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই সংবাদমেল যোগে উল্লেখ কৰিলে ৰিণিমা বেগম হত্যাকাণ্ডৰ আচল ৰহস্য(Press conference of Barpeta SP) ৷
আৰক্ষী অধীক্ষক অমিতাভ সিনহাই জনোৱা মতে, মাটি-বাৰী সংক্ৰান্তীয় বিবাদৰ বাবেই হত্যাৰ বলি হ’বলগীয়া হ'ল ৰিণিমা বেগম ৷ 2019 চনত ৰিণিমা বেগমৰ পৰা 5 বিঘা মাটি ক্ৰয় কৰিছিল ডাঃ মকদম আলীয়ে ৷ তাৰবাবে আগধন হিচাপে 1 কোটি 13 লাখ টকা ডাঃ মকদম আলীয়ে আদায় দিয়াৰ পিচত ৰিণিমা বেগমে আন লোকৰ ওচৰত মাটিখিনি বিক্ৰীৰ চেষ্টা চলাইছিল বুলি জানিব দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে ৷
ফলত উপায় বিহীন হৈ আদালতৰ কাষ চাপিছিল ডাঃ মকদম আলীয়ে ৷ পিছে ডাঃ মকদম আলীৰ বিৰুদ্ধে ওলোটাৰৈ গোচৰ ৰুজু কৰিছিল অধিবক্তা ৰিণিমা বেগমে ৷ পিছে আদালতে ৰায়দান কৰাৰ পূৰ্বেই ডাঃ মকদম আলীয়ে খুলশালীয়েক মহিবুল হক ওৰফে মনিৰ লগ হৈ ৰকিবুল ইছলাম নামৰ এজন লোকক 13 লাখ টকা দি হত্যাৰ চুপাৰী দিছিল ৷
তাৰ পিছত প্ৰায় 8 মাহ পূৰ্বে ৰকিবুল ইছলামে 13 লাখ টকাত ৰিণিমাক হত্যাৰ চুপাৰী লৈ আব্বাছ আলীক হত্যাকাৰী বিচৰাৰ দায়িত্ব দিয়ে ৷ সেইমতে আব্বাছ আলীয়ে ৰবিয়াল আলী নামৰ এজনক অধিবক্তা ৰিণিমা বেগমক হত্যা কৰাৰ দায়িত্ব দিয়ে ৷ এই পৰিকল্পনা অনুসৰিয়েই 21 মাৰ্চৰ সন্ধিয়া ৰকিবুল, আব্বাছ, ৰফিকুল ইছলাম আৰু মুস্তাফ আলীৰ সহযোগত জ্যেষ্ঠ ভগ্নীৰ সন্মুখতে ৰবিয়াল আলিয়ে চোকা অস্ত্ৰৰে হানি ৰিণিমা বেগমক হত্যা কৰিছিল ৷
লগতে পঢ়ক : অধিবক্তা ৰিণিমা বেগমক হত্যা কৰা অস্ত্ৰ উদ্ধাৰ; গ্ৰেপ্তাৰ হৈছে মাষ্টাৰ মাইণ্ড
ইতিমধ্যে আৰক্ষীয়ে 3 নং ভাতকুছিৰ সমীপৰ নখান্দা নৈৰ পৰা ৩০ মাৰ্চত অধিবক্তা ৰিণিমা বেগম হত্যাকাণ্ডত (Rinima Begum murder case) ব্যৱহৃত এখন চোকা খুকুৰী উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷ লগতে ৰিণিমা বেগমক হত্যাৰ অভিযোগত বৰপেটা মেডিকেল কলেজ হাস্পতালৰ চিকিৎসক ডাঃ মকদম আলী, খুলশালীয়েক মহিবুল হক, ৰবিয়াল আলী, আব্বাছ আলী, ৰকিবুল ইছলাম, মুস্তাব আলীসহ মুঠ 6 জন লোকক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে (Mastermind of Rinima murder arrested) ৷
অৱশ্যে হত্যাকাণ্ডটোৰ আন এজন অভিযুক্ত পাঠশালাৰ ৰফিকুল আলি এতিয়াও পলাতক অৱস্থাত আছে বুলি জনায় আৰক্ষী অধীক্ষকগৰাকীয়ে ৷ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই জনোৱা মতে, ৰিণিমা হত্যাৰ পিচতে ৰিনিমাৰ জ্যেষ্ঠ ভগ্নীৰ অভিযোগৰ ভিত্তিত আব্দুৰ ৰহমান ওৰফে জুম্মা নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷
সম্প্ৰতি 10 দিনৰ বাবে আৰক্ষী জিম্মাত থকা জুম্মা হত্যাকাণ্ডটোৰ সৈতে কোনো ধৰণে জড়িত থকাৰ প্ৰমাণ পোৱা নাই আৰক্ষীয়ে ৷ জুম্মাৰ নিৰ্দোষিতাৰ বিষয়ে আৰক্ষীয়ে আদালতক জনাব বুলি সদৰি কৰে আৰক্ষী অধীক্ষক অমিতাভ সিনহাই ৷
লগতে পঢ়ক : Murder in Barpeta: ভগ্নীৰ সন্মুখতে হত্যা কৰা হ’ল যুৱতী অধিবক্তাক