ETV Bharat / state

Press meet: শিমলাগুৰি আৰক্ষী চকীৰ SI কুমুদ শৰ্মাৰ বিৰুদ্ধে ৰাইজৰ সংবাদমেল - ই এম গৌতম দাস

শিমলাগুৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ কুমুদ শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে হটাপাৰা গাঁৱৰ ৰাইজ ৷ শিমলাগুৰি আৰক্ষী চকীৰ অন্তৰ্গত বিভিন্ন ঠাইত অবৈধ ভাৱে সুৰা, জুৱাৰ আড্ডা গঢ়ি উঠা দেখিও আৰক্ষী বিষয়াগৰাকীয়ে চকু মুদা কুলিৰ ভাও ধৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

Press meet
শিমলাগুৰি আৰক্ষী চকীৰ SI কুমুদ শৰ্মাৰ বিৰুদ্ধে ৰাইজৰ সংবাদমেল
author img

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 9:42 AM IST

শিমলাগুৰি আৰক্ষী চকীৰ SI কুমুদ শৰ্মাৰ বিৰুদ্ধে ৰাইজৰ সংবাদমেল

বৰপেটাৰোড, 30 অক্টোবৰ : দুৰ্গা পূজাৰ অষ্টমীৰ নিশা বাক্সাৰ হটাপাৰাৰ এখন পূজাস্থলীত হোৱা এখন কাজিয়াই এতিয়া খাণ্ডৱদাহৰ ৰূপ লৈছে ৷ এই সন্দৰ্ভত পূজা সমিতিখনৰ সভাপতি আৰু সম্পাদকগৰাকীক শিমলাগুৰি আৰক্ষীয়ে আটক কৰি লৈ গৈছিল ৷ তাৰ পিচতে সভাপতি আৰু সম্পাদকগৰাকীক এৰি দিবলৈ তীব্ৰ উত্তেজনাৰ পৰিৱেশ সৃষ্টি হৈছিল ৷

ইয়াৰে পিচতে এই সমগ্ৰ ঘটনা সন্দৰ্ভত দেওবাৰে এক সংবাদমেল অনুষ্ঠিত কৰা হয় ৷ শিমলাগুৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ কুমুদ শৰ্মাৰ বিৰুদ্ধে সংবাদমেল অনুষ্ঠিত কৰে হটাপাৰা গাঁৱৰ একাংশ ৰাইজে ৷ পূজা সমিতিৰ সভাপতি সম্পাদকক আটক কৰা সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰি সংবাদমেলত কয় যে, দুৰ্গা পূজাৰ আনন্দ উল্লাস চলি থকাৰ মাজতে অষ্টমীৰ নিশা বাক্সাৰ শিমলাগুৰি আৰক্ষী চকীৰ অন্তৰ্গত হটাপাৰা দুৰ্গা পূজাস্থলীত দুই সুৰামত্ত যুৱকৰ মাজত হোৱা কাজিয়াক কেন্দ্ৰ কৰি দুৰ্গাপূজা উদযাপন সমিতিৰ সভাপতি সম্পাদকক শিমলাগুৰি আৰক্ষীয়ে আটক কৰি থানালৈ লৈ আনিছিল ৷ পাচতে হটাপাৰাৰ প্ৰায় চাৰি শতাধিক স্থানীয় ৰাইজে পূজা সমিতিৰ সভাপতি সম্পাদকক বিনাচৰ্তে মুকলি কৰি দিয়াৰ বাবে শিমলাগুৰি আৰক্ষী চকী ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল।

এই ঘটনা সন্দৰ্ভত বি টি আৰৰ ই এম গৌতম দাসে সেই নিশা শিমলাগুৰি আৰক্ষী চকীত উপস্থিত হৈ পৰিস্থিতি শান্ত কৰি পূজা উদযাপন সমিতিৰ সভাপতি সম্পাদকক মুকলি কৰি দিবলৈ কোৱাত আৰক্ষী বিষয়াগৰাকীৰ লগত তৰ্ক যুদ্ধতো লিপ্ত হৈছিল ৷ ৰাইজৰ অভিযোগ অনুসৰি পূজা উদযাপন সমিতিৰ সভাপতি আৰু সম্পাদকক আটক কৰি আনি শিমলাগুৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কুমুদ শৰ্মাই মাৰপিট কৰে ৷ আৰক্ষীৰ এই কাৰ্যত ক্ষুদ্ধ হৈ উক্ত ঘটনাৰ উচিত ন্যায় পোৱাৰ বাবে হটাপাৰা বজাৰত দেওবাৰে স্থানীয় একাংশ ৰাইজে শিমলাগুৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কুমুদ শৰ্মাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে চৰকাৰ তথা বাক্সা জিলা আৰক্ষী অধীক্ষক দাবী জনায়।

আনহাতে শিমলাগুৰি আৰক্ষী চকীৰ অন্তৰ্গত বিভিন্ন ঠাইত অবৈধ ভাৱে সুৰা, জুৱাৰ আড্ডা গঢ়ি উঠাত স্থানীয় একাংশ লোক গভীৰ উদ্বেগ প্ৰকাশ কৰে । এই ক্ষেত্ৰত শিমলাগুৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে চকুমুদা কুলিৰ ভাও ধৰি কোনো ব্যৱস্থা নোলোৱাত ক্ষোভ প্ৰকাশ কৰে স্থানীয় ৰাইজে ৷ অতিশীঘ্ৰে অবৈধ মদ আৰু জুৱাৰ আড্ডা বন্ধ কৰিবলৈ দাবী জনাইছে স্থানীয় লোকে ৷

লগতে পঢ়ক: Tense Situation: আজৱ কাণ্ড ! ৰোগীক অস্ত্ৰোপচাৰ কৰি আধাতে স্থানান্তৰকৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.