ETV Bharat / state

নিষ্ঠাবান আৰক্ষী বিষয়া ব্ৰজেন দাসলৈ 'ৰাষ্ট্ৰপতি পদক'

author img

By

Published : Jan 25, 2021, 7:54 PM IST

ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ব্ৰজেন দাসলৈ আগবঢ়োৱা হৈছে 'ৰাষ্ট্ৰপতি পদক' । ব্ৰজেন দাসৰ কৃতিত্বৰ বাবে উৎফুল্লিত হৈ পৰিছে বৰপেটাবাসীৰ লগতে সমগ্ৰ অসমৰ ৰাইজ ।

নিষ্ঠাবান আৰক্ষী বিষয়া ব্ৰজেন দাসলৈ 'ৰাষ্ট্ৰপতি পদক'
নিষ্ঠাবান আৰক্ষী বিষয়া ব্ৰজেন দাসলৈ 'ৰাষ্ট্ৰপতি পদক'

বৰপেটা, ২৫ জানুৱাৰী : নিষ্ঠাৰে কৰ্তব্য পালন কৰি অহা বিষয়াসকললৈ সন্মান প্ৰদৰ্শন কৰিলে কেন্দ্ৰীয় চৰকাৰে । ৭২ সংখ্যক গণৰাজ্য দিৱসৰ পূৰ্বে বিভিন্ন শিতানত আগবঢ়োৱা ৰাষ্ট্ৰপতিৰ পদক তালিকা ইতিমধ্যে ঘোষণা কৰা হৈছে ৷ দক্ষতাৰে কৰ্তব্য পালন কৰাৰ লগতে সাহসিকতাৰ বাবে আৰক্ষী, গৃহৰক্ষী বাহিনী, চি আৰ পি এফ আদিৰ উপৰিও কাৰাগাৰত নিয়োজিত বিষয়ালৈও আগবঢ়োৱা হৈছে ৰাষ্ট্ৰপতিৰ পদক ৷

অপৰাধীসকলৰ শাস্তি আৰু পুনৰ সংস্থাপনৰ ক্ষেত্ৰত আগবঢ়োৱা সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক ব্ৰজেন দাসে ৷ এই বৰ্ষত কাৰাগাৰৰ বিষয়া হিচাপে ৰাষ্ট্ৰপতিৰ সন্মান লাভ কৰাসকলৰ ভিতৰত অসমৰ পৰা কেৱল ব্ৰজেন দাসকে বাচনি কৰা হৈছে ৷ ৰাজ্যৰ কাৰাগাৰসমূহৰ বিষয়া-কৰ্মচাৰীসকলৰ ভিতৰত এইবাৰ কেৱল ব্ৰজেন দাসেই ৰাষ্ট্ৰপতিৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে ৷

সত্ৰনগৰী বৰপেটাৰ দক্ষিণহাটী নিবাসী প্ৰয়াত গিৰীশ চন্দ্ৰ দাসৰ কনিষ্ঠ পুত্ৰ ব্ৰজেন দাসৰ কৃতিত্বত উৎফুল্লিত হৈ পৰিছে বৰপেটাবাসী ৷ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই অনা ব্ৰজেন দাসলৈ উষ্ম অভিনন্দন জনাইছে সত্ৰনগৰী বৰপেটাবাসীয়ে ৷

লগতে পঢ়ক:ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে চিৰাঙত চাইকেল ৰেলীৰ আয়োজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.