ETV Bharat / state

কলগাছিয়াত লাংলা আঞ্চলিক যুৱ সংঘৰ ৰূপালী জয়ন্তী উদযাপনৰ প্ৰস্তুতি - লাই খুঁটা স্থাপন

কলগাছিয়াত আগন্তুক ২৪ পৰা ২৬ জানুৱাৰীলৈ তিনি দিনীয়া বাৰেৰহণীয়া কাৰ্যসূচীৰে লাংলা আঞ্চলিক যুৱ সংঘৰ ৰূপালী জয়ন্তী উদযাপনৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি ৷

preparation-of-silver-jubilee
কলগাছিয়াত লাংলা আঞ্চলিক যুৱ সংঘৰ ৰূপালী জয়ন্তী উদযাপনৰ প্ৰস্তুতি
author img

By

Published : Jan 12, 2021, 5:55 PM IST

জনীয়া, 12 জানুৱাৰী : কলগাছিয়াৰ লাংলাত লাংলা আঞ্চলিক যুৱ সংঘৰ উদ্যোগত আগন্তুক ২৪ পৰা ২৬ জানুৱাৰীলৈ তিনি দিনীয়া বাৰেৰহণীয়া কাৰ্যক্ৰমনিকাৰে লাংলা বজাৰত লাংলা আঞ্চলিক যুৱ সংঘৰ ৰূপালী জয়ন্তী উৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে।

তদুপলক্ষে মঙলবাৰে লাংলা বজাৰত লাংলা আঞ্চলিক যুৱ সংঘৰ ৰূপালী জয়ন্তী উৎসৱৰ লাই খুঁটা স্থাপন কৰা হয়। লাই খুঁটা স্থাপন কৰে বি আৰ পি এল ডালিগাঁৱৰ অৱসৰপ্ৰাপ্ত মুখ্য বিত্তীয় প্ৰবন্ধক ছামচুল হক আকন্দে। ৰূপালী জয়ন্তী উৎসৱত ছাত্ৰ-ছাত্ৰী সকলৰ বাবে কবিতা, চিত্ৰাংকণ, আকস্মিক বক্তৃতা, কুইজ, তৰ্ক আৰু বিভিন্ন ধৰণৰ খেল-ধেমালিৰ লগতে আলোচনা চক্ৰ অনুষ্ঠিত কৰা হ'ব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিছে। প্ৰতি দিনৰ সন্ধিয়া সাংস্কৃতিক কাৰ্যসূচীৰ লগতে বয়োজ্যেষ্ঠ সকলৰ বাবে কবিতা, গানৰ লগতে ২৬ তাৰিখে পুৱা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব বুলিও জানিব পৰা গৈছে।

লগতে পঢ়ক: 2021 ৰ পিয়ল জাতিৰ ভিত্তিত হোৱা পক্ষপাতি ৰাজ্যিক মন্ত্ৰী আথৱালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.