জনীয়া, 1 অক্টোবৰ: অসমৰ ৰাজনীতিত আঞ্চলিকতাবাদক প্ৰতিনিধিত্ব কৰা অন্যতম ৰাজনৈতিক দল অসম গণ পৰিষদ (Asom Gana Parishad) দলৰ প্ৰতিষ্ঠা দিৱস আগন্তুক ১৪ অক্টোবৰত ৰাজ্যজুৰি পালন কৰা হ’ব (38th foundation day of AGP) ৷ এইবাৰ প্ৰতিষ্ঠা দিৱস প্ৰত্যেকটো বিধান সভা সমষ্টিতে বিধান পৰিষদসমূহৰ উদ্যোগত অনুষ্ঠিত হ’ব ।
এই কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উপলক্ষে শুকুৰবাৰে জনীয়া বিধান পৰিষদৰ উদ্যোগত বৰপেটা লোক সভা সমষ্টিৰ অন্তৰ্গত বালাগাঁৱত এখন প্ৰস্তুতি সভা অনুষ্ঠিত হৈ যায় (Preparation meeting at Jania ) ।
অগপৰ জনীয়া বিধান পৰিষদৰ সভাপতি কলিম উদ্দিন আহমেদৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সভাত অগপৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদকদ্বয় ভূপেন ৰায় আৰু ধ্ৰুৱ তালুকদাৰ, কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি দ্বয় ক্ৰমে, ড৹ ৰঞ্জিত ডেকা আৰু ডাঃ তাৰা প্ৰসাদ দাস উপস্থিত থাকি ভাষণ প্ৰদান কৰে ৷
সভাত শলাগৰ শৰাই আগবঢ়াই বালাগাঁৱৰ সমাজকৰ্মী তথা ৰূপসী ব্লক কংগ্ৰেছৰ প্ৰাক্তন সভাপতি আজগৰ আলীয়ে ৷ সভাৰ অন্তত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত অগপৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ভূপেন ৰায়ে ৰাজ্যবাসীক আগতীয়াকৈ শাৰদীয় দূৰ্গা পুজা আৰু দিপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে ৷
ইয়াৰ লগতে বৰপেটা লোকসভা সমষ্টিত আগন্তুক সংসদীয় নিৰ্বাচনত অসম গণ পৰিষদৰ প্ৰাৰ্থী থাকিব বুলি জানিবলৈ দিয়ে সাধাৰণ সম্পাদকগৰাকীয়ে ৷ তাৰোপৰি অসম গণ পৰিষদ দলে ৰঞ্জন দৈমাৰীৰ মুক্তিৰ পোষকতা নকৰে বুলিও মন্তব্য কৰে সম্পাদকগৰাকীয়ে ৷
লগতে পঢ়ক: চান্দাৰ নামত ক্ষুদ্ৰ ব্যৱসায়ীক হাৰাশাস্তি নকৰিবলৈ ৰাজহুৱাকৈ আহ্বান মুখ্যমন্ত্ৰীৰ