ETV Bharat / state

বৰপেটাৰোডত এদিন পূৰ্বে পালন বিশ্ব পৰিৱেশ দিৱস

author img

By

Published : Jun 4, 2020, 4:44 PM IST

বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি বৰপেটা জিলা প্ৰশাসনে আয়োজিত কৰা এক অনুষ্ঠানত অংশগ্ৰহণ কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাসে ৷ দাসে উক্ত অনুষ্ঠানৰ জৰিয়তে ৰাজ্যবাসীক গছপুলি ৰোপণৰ বাবে উৎসাহিত কৰাৰ লগতে বিভিন্ন চৰকাৰী আঁচনি সম্পৰ্কে ৰাইজক ব্যক্ত কৰে ৷

Pre world environmental day celebration at barpetaroad assam etv bharat news
বিশ্ব পৰিৱেশ দিৱস পালন

বৰপেটাৰোড,4 জুন: 5 জুন অৰ্থাৎ বিশ্ব পৰিৱেশ দিৱস ৷ এই দিৱস এদিন পূৰ্বে পালন কৰা হৈছে বৰপেটা ৰোডত ৷ বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি জিলা প্ৰশাসনে গড়কাপ্তানী বিভাগৰ সহযোগত আয়োজন কৰা অনুষ্ঠানত অংশ লয় বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাসে ৷ কাৰ্যসূচী অনুসৰি সৰভোগৰ ঐতিহাসিক গোঁসাই কমল আলিৰ দুয়োকাষে গছপুলি ৰোপণ কৰি দাসে ৰাজ্যত গছপুলি ৰোপণৰ বাবে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ বিষয়ে প্ৰকাশ কৰে ৷

বিশ্ব পৰিৱেশ দিৱস পালন

মুখ্যমন্ত্ৰীৰ সেউজ অসমৰ সপোন পূৰ্ণ কৰাৰ লক্ষ্যৰে আগন্তুক ডেৰ মাহৰ ভিতৰত ৰাজ্যখনত ৰোপণ কৰা হ’ব প্ৰায় 3,50,00,000 গছপুলি ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সমগ্ৰ ৰাজ্যতে প্ৰায় 10 কোটি গছপুলি ৰোপণৰ লক্ষ্য স্থিৰ কৰিছিল ৷ সেইমৰ্মে সমগ্ৰ ৰাজ্যত ইতিমধ্যে 6 কোটি 50 লাখ গছপুলি ৰোপণ কৰা হৈছে বুলি দাবী কৰে সৰভোগৰ বিধায়ক গৰাকীয়ে ৷ লগত ৰাজহুৱা স্থান বা ঘৰৰ পদূলিত ফল-মূলৰ লগতে বনৌষধি গছ ৰোপণ কৰিবলৈ ৰাজ্যবাসীক আহ্বান জনাই বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাসে ৷

লগতে চাওকঃ কৰিমগঞ্জৰ ৰাজহুৱা স্থানত উদ্ধাৰ ব্যৱহৃত পিপিই কীট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.