ETV Bharat / state

War of Words: ভালদৰে হোমৱৰ্ক নকৰাৰ বাবেই হিৰোৰ পৰা জিৰ’ হ’ল BPF; প্ৰমোদ বড়ো

author img

By

Published : Jun 16, 2023, 10:35 PM IST

হাগ্ৰামা মহিলাৰীক প্ৰত্যুত্তৰ প্ৰমোদ বড়োৰ ৷ BTR ত পুনৰ সশস্ত্ৰ বিপ্লৱে মূৰ দাঙি উঠা সন্দৰ্ভত প্ৰমোদ বড়োৰ চৰকাৰক সমালোচনা কৰিছিল প্ৰাক্তন BTC প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷ ইয়াৰ প্ৰত্যুত্তৰ দি হাগ্ৰামাৰ শাসন কালতেই ডাঙৰ ডাঙৰ সংগঠন গঢ় লোৱা বুলি দাবী প্ৰমোদ বড়োৰ ৷

Bodo militancy
Pramod Boro slams Hagrama Mohilary
হাগ্ৰামা মহিলাৰীক প্ৰত্যুত্তৰ প্ৰমোদ বড়োৰ

বৰপেটাৰোড 16 জুন: শেহতীয়াকৈ BTRত দুটাকৈ সশস্ত্ৰ উগ্ৰপন্থী সংগঠনৰ আত্মপ্ৰকাশৰ সন্দৰ্ভত হাগ্ৰামা মহিলাৰীয়ে কৰা মন্তব্যক প্ৰত্যুত্তৰ BTC ৰ মুখ্যকাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ । হাগ্ৰামা মহিলাৰীয়ে দাবী কৰিছিল যে, BPF ৰ শাসন কালত বড়োভূমিত কোনো উগ্ৰপন্থী সংগঠনৰ জন্ম হোৱা নাছিল ৷ তাৰ বিপৰীতে প্ৰমোদ বড়োৰ নেতৃত্বত বিগত আঢ়ৈ বছৰীয়া শাসন কালত দুটাকৈ উগ্ৰপন্থী সংগঠনৰ জন্ম হ’ল ৷

প্ৰাক্তন BTC প্ৰধান তথা BPF দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে কৰা এই মন্তব্যৰ পিচতে শুকুৰবাৰে হাগ্ৰামা মহিলাৰীক উভতি ধৰে বৰ্তমানৰ BTC প্ৰধান প্ৰমোদ বড়োৱে । সংবাদ মাধ্যমৰ আগত প্ৰমোদ বড়োৱে কয় যে, হাগ্ৰামা মহিলাৰীৰ শাসন কালতেই ডাঙৰ ডাঙৰ উগ্ৰপন্থী সংগঠন আছিল আৰু কিয় উগ্ৰপন্থী সংগঠনৰ জন্ম হ’ব লাগে ৷ ‘‘2003 চনৰ পৰা 2020 চনলৈ কিমান ঘটনা সংঘটিত হ’ল ! জাতিগত সংঘর্ষ, মানুহ মৰা মৰি হ’ল, কিমান ঘৰ জ্বলিল ৷ তাৰপাছতো আৰু উগ্ৰপন্থী লাগে নেকি’’ বুলিও প্ৰশ্ন কৰে প্ৰমোদ বড়োৱে ৷

হাগ্ৰামা মহিলাৰীয়ে একো কৰা নাছিল বুলি উল্লেখ কৰি UPPL দলে 2020 চনত ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ লগত শান্তি চুক্তি কৰাৰ পাচতহে শান্তি ঘূৰি আহিল বুলিও দাবী কৰে ৷ বিগত দুটা বৰ্ষত নিশা এক বজালৈ মানুহ মুকলিকৈ ঘুৰিব পাৰিছে বুলি উল্লেখ কৰে বড়োৱে । BTRত নতুন সশস্ত্ৰ সংগঠন জন্ম হোৱাকলৈ প্ৰমোদ বড়োৱে কয়, এইবিলাক সংগঠন নহয়, পাঁচ ছয় জন ল'ৰা লগ হৈ বাহিৰত গৈ হাল্লা কৰিছে ৷ সেইটো কোনো উগ্ৰপন্থী হ’ব নোৱাৰে ৷

লগতে পঢ়ক: প্ৰমোদ বড়োৰ শাসনৰ তিনি বছৰতে দুটাকৈ উগ্ৰপন্থী সংগঠনৰ জন্ম হ’ল; শান্তি দেখা নাই হাগ্ৰামাই

আনহাতে, প্রাক্তন NDFBৰ বিৰুদ্ধে থকা গোচৰ প্ৰত্যাহাৰ, সাহায্য,সংস্থাপন আদি কাৰ্যকৰী হোৱা নাই বুলি হাগ্ৰামা মহিলাৰীয়ে কৰা মন্তব্যৰ প্ৰত্যুত্তৰত প্ৰমোদ বড়োৱে কয়, ‘‘হাগ্ৰামা মহিলাৰীৰ দিনত কিমান NDFBৰ বিৰুদ্ধে থকা গোচৰ খাৰিজ কৰা হৈছিল আৰু কিমানজনক সাহায্য,সংস্থাপন দিয়া হৈছিল ? BTR চুক্তি হোৱাৰ পিচত চাৰি হাজাৰতকৈ অধিক প্ৰাক্তন NDFB সদস্যই পুনৰসংস্থাপন আৰু 4 লাখ টকাৰ সাহায্য পালে ৷ তিনিশ গোচৰ খাৰিজ কৰা হৈছে ৷ এনে বহু কাম হ’বলৈ গৈ আছে ।’’

শুকুৰবাৰে বৰপেটাৰোডৰ সমীপৰ BTR ৰ মথনগুৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বেলগুৰিত চৰকাৰৰ আঁচনিৰ অধীনত চলি থকা কাম-কাজ পৰিদৰ্শন কৰাৰ বাবে উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত এনেদৰে মন্তব্য কৰে BTR চীফ প্ৰমোদ বড়োৱে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.