ETV Bharat / state

নসত্ৰ কৃষ্ণ গুৰু সেৱাশ্ৰমত বিটিচিৰ নৱ নিৰ্বাচিত চীফ প্ৰমোদ বড়ো - নসত্ৰ কৃষ্ণ গুৰু সেৱাশ্ৰম

বৰপেটাৰ নসত্ৰ কৃষ্ণ গুৰু সেৱাশ্ৰমত উপস্থিত প্ৰমোদ বড়ো । গুৰু প্ৰেমানন্দ প্ৰভুৰ আশীষ ল'লে বিটিচিৰ নৱ নিৰ্বাচিত চীফগৰাকীয়ে ।

নসত্ৰ কৃষ্ণ গুৰু সেৱাশ্ৰমত বিটিচিৰ নৱ নিৰ্বাচিত চিফ প্ৰমোদ বড়ো

author img

By

Published : Dec 28, 2020, 1:03 PM IST

বৰপেটা, ২৮ ডিচেম্বৰ: সোমবাৰে পুৱাই নসত্ৰ কৃষ্ণ গুৰু সেৱাশ্ৰমত উপস্থিত হ'ল বিটিচিৰ নৱ নিৰ্বাচিত চীফ প্ৰমোদ বড়ো । আধ্যাত্মিক গুৰু প্ৰেমানন্দ প্ৰভুৰ আশীষ ল'লে প্ৰমোদ বড়োৱে । নতুন দায়িত্ব লাভ কৰাৰ পিছতে গুৰুৰ আশীষলৈ আগন্তুক দিনত ৰাইজক সেৱা আগবঢ়াই যোৱাৰ সংকল্প লৈছে বিটিচিৰ নৱ নিৰ্বাচিত চীফগৰাকীয়ে । তেওঁ কয় যে,আধ্যাত্মিক চিন্তাৰে তেওঁ বড়োভূমিত শাসন কাৰ্য চলাই নিব ।

নসত্ৰ কৃষ্ণ গুৰু সেৱাশ্ৰমত বিটিচিৰ নৱ নিৰ্বাচিত চীফ প্ৰমোদ বড়ো

মানুহৰ মনত আধ্যাত্মিকতা থাকিলেহে সু-শাসনৰ আশা কৰিব পাৰি বুলিও মন্তব্য কৰে প্ৰমোদ বড়োৱে । বড়োভূমিত হিংসাক প্ৰশ্ৰয় দিয়া নহ'ব বুলি কোৱাৰ লগতে এই ক্ষেত্ৰত কঠোৰতা অৱলম্বন কৰা হ'ব বুলিও তেওঁ ব্যক্ত কৰে ।

ধনৰ বলেৰে কোনো কাম নহ'ব বুলি সকিয়াই দিয়াৰ লগতে হাগ্ৰামাক কটাক্ষ কৰি প্ৰমোদ বড়োৱে কয় যে,ইমান দিনে ধনৰ বলেৰে চলোৱা শাসনৰ এতিয়া অন্ত পৰিল । নতুন শাসন ব্যৱস্থাই বড়োভূমিলৈ কাৰ্যতঃ পৰিৱৰ্তন আনিব বুলি আশাবাদী প্ৰমোদ বড়ো ।

লগতে পঢ়ক:পৰ্যটকৰ বাবে বকোত মুকলি হ'ল পিকিৰা ইক' কেম্প

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.