ETV Bharat / state

গৰ্ভৱতী মহিলা, প্ৰসূতি আৰু নাবালিকাসকলৰ পুষ্টিত গুৰুত্ব প্ৰদানৰ নিৰ্দেশ প্ৰমিলাৰাণী ব্ৰহ্মৰ

author img

By

Published : Apr 4, 2020, 7:11 PM IST

শনিবাৰে বৰপেটাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ এখন সভাত অংশহগ্ৰহণ কৰে সমাজ কল্যাণ মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই । লক ডাউনৰ সময়ত গৰ্ভৱতী মহিলা, প্ৰসূতি আৰু নাবালিকাসকলে যাতে নিয়মীয়াকৈ পুষ্টিকৰ খাদ্য লাভ কৰে সেইক্ষেত্ৰত জিলা উপায়ুক্তসকলক বিশেষ গুৰুত্ব প্ৰদানৰ নিৰ্দেশ প্ৰদান মন্ত্ৰী গৰাকীৰ ।

pramila rani bramha
pramila rani bramha

বৰপেটা, ৪ এপ্ৰিলঃ লক ডাউনৰ সময়ছোৱাত গৰ্ভৱতী মহিলা, প্ৰসূতি আৰু নাবালিকাসকলৰ পৰিপুষ্টিৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান ৰাজ্যৰ সমাজ কল্যাণ মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মৰ । লক ডাউনৰ সময়ত গৰ্ভৱতী মহিলা, প্ৰসূতি আৰু নাবালিকাসকলে যাতে নিয়মীয়াকৈ পুষ্টিকৰ খাদ্য লাভ কৰে সেইক্ষেত্ৰত জিলা উপায়ুক্তসকলক বিশেষ গুৰুত্ব প্ৰদানৰ নিৰ্দেশ সমাজ কল্যান মন্ত্ৰীগৰাকীৰ । শনিবাৰে বৰপেটাত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত, প্ৰশাসনৰ বিভাগীয় মুৰব্বী আৰু সমাজ কল্যাণ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয় । মন্ত্ৰীগৰাকীয়ে বিভাগৰ জৰিয়তে বিতৰণ কৰা পুষ্টিকৰ খাদ্য বিতৰণত যাতে কোনো সমস্যাৰ সৃষ্টি নহয় আৰু তাৰ প্ৰতি সমাজ কল্যাণ বিভাগৰ কৰ্মচাৰীসকলক প্ৰয়োজনবোধে ঘৰে ঘৰে গৈ হ'লেও খাদ্য বিতৰণৰ নিৰ্দেশ দিয়ে ৷

গৰ্ভৱতী মহিলা, প্ৰসূতি আৰু নাবালিকাসকলৰ পুষ্টিত গুৰুত্ব প্ৰদানৰ নিৰ্দেশ প্ৰমিলাৰাণী ব্ৰহ্মৰ

লগতে পঢ়কঃ দ্ৰোণ কেমেৰাৰ জৰিয়তে লকডাউন ভংগকাৰীৰ ওপৰত শেন চকু ডিব্ৰুগড় আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.