বৰপেটা, 2 ডিচেম্বৰঃ বাক্সাৰ মথনগুৰীৰ কাটাঝাৰত অনুষ্ঠিত এক দলীয় সভাত সোমবাৰে অংশগ্ৰহণ কৰে সমাজ কল্যাণ আৰু ভূমি সংৰক্ষণ বিভাগৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই ৷ দলীয় সভাত অংশলৈ কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী ব্ৰহ্মই ৷ মন্ত্ৰী গৰাকীয়ে কয় যে, হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বি টি এ ডিত উন্নয়নৰ ধাৰা অব্যাহত আছে ৷ হাগ্ৰামা অবিহনে কোনেও বি টি এ ডি চলাব নোৱাৰে ৷
আনহাতে, কেব সন্দৰ্ভত প্ৰমিলা ৰাণী ব্ৰহ্মই কয় যে, CAB অসমৰ থলুৱা জনগোষ্ঠীয় লোকসকলৰ বাবে যাতে গ্ৰহণযোগ্য হয় তাৰে কামনা কৰিছে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই ৷ হাগ্ৰামা মহিলাৰীৰ বিপিএফ দল ন'হলে বিটিএডি কোনেও ভালদৰে চলাব নোৱাৰে বুলিও মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷
আৰু পঢ়কঃ ৰাজ্যজুৰি উদযাপন "অসম দিৱস"