ETV Bharat / state

ভিন্ন ৰসৰ পৰিৱেশ সৃষ্টিত মগ্ন কৰ’ণাত আক্ৰান্ত ৰোগী

author img

By

Published : Jul 19, 2020, 5:50 PM IST

কৰ’ণা ভাইৰাছত আক্ৰান্ত ব্যক্তিসকলক কেন্দ্ৰ কৰি ভিন্ন ৰসৰ বাতৰি সম্প্ৰচাৰ হৈ থকাৰ মাজতে ব্যতিক্ৰমী দৃশ্য পৰিলক্ষিত হৈছে বৰপেটাত ৷ বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত পৰিলক্ষিত হৈছে এই পৰিৱেশ ৷ চিকিৎসালয়খনত বৰ্তমান চিকিৎসা গ্ৰহণ কৰি থকা কৰ’ণা ৰোগীসকলে আতংকৰ পৰিৱৰ্তে সুখানুভূতি বিলোৱাৰ চেষ্টা কৰিছে প্ৰতিজনৰ মুখত ৷

positive message delivered from covid 19 patients at FAAMCH Barpeta assam etv bharat news
ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতাল

বৰপেটা,19 জুলাই: সমগ্ৰ ৰাজ্যত সম্প্ৰতি অব্যাহত আছে কৰ’ণাৰ আতংক ৷ ৰাজ্য়বাসীয়ে ভয়,শংকাৰ মাজেৰে অতিবাহিত কৰিছে দিন ৷ লক ডাউনৰ বাবে ব্যাঘাত জন্মিছে স্বাভাৱিক জীৱনযাত্ৰাত ৷ কৰ’ণা ভাইৰাছত আক্ৰান্ত ব্যক্তিসকলক কেন্দ্ৰ কৰি ভিন্ন ৰসৰ বাতৰি সম্প্ৰচাৰ হৈ থকাৰ মাজতে ব্যতিক্ৰমী দৃশ্য পৰিলক্ষিত হৈছে বৰপেটাত ৷ বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত পৰিলক্ষিত হৈছে এই পৰিৱেশ ৷ চিকিৎসালয়খনত বৰ্তমান চিকিৎসা গ্ৰহণ কৰি থকা কৰ’ণা ৰোগীসকলে আতংকৰ পৰিৱৰ্তে সুখানুভূতি বিলোৱাৰ চেষ্টা কৰিছে প্ৰতিজনৰ মুখত ৷

কৰ’ণাত আক্ৰান্ত ৰোগীৰ মাজত সুকীয়া পৰিৱেশ

ৰোগীসকলে মহাপুৰুষ দুজনাৰ বিৰচিত হৰিনামেৰে মুখৰিত কৰিছে চিকিৎসালয়খনৰ কৰ’ণাত আক্ৰান্ত ৰোগীৰ কক্ষ ৷ যোগ, প্ৰাৰ্থনা,গীত-মাতেৰে নিজৰ মাজতে আনন্দ বিলাবলৈ চেষ্টা কৰাৰ লগতে ভাইৰাছবিধক জয় কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৷ প্লাষ্টিকৰ বাল্টি, প্লাষ্টিকৰ বটল আদিৰে নাগাৰা বজাই, ষ্টিলৰ কাঁহীত তাল বজাই ৰোগীসকলে গাইছে হৰিনাম ৷ আতংকৰ বিপৰীতে এক সকৰাত্মক বতৰা দিবলৈ প্ৰদান কৰা ৰোগীসকলে প্ৰতীয়মান কৰিছে যে যিকোনো সময়তে বৰপেটীয়া লোকৰ মনত বিদ্যমান হৈ থাকে গুৰু দুজনাই এৰি যোৱা সাহিত্য-সংস্কৃতিৰ চিৰপ্ৰবাহমান ধাৰা ৷

লগতে চাওকঃ ওদালগুৰি জিলাৰ হৰিশিঙাত উদ্ধাৰ মাৰণাস্ত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.