ETV Bharat / state

দৰমহা মোকলাই নিদিয়াৰ প্ৰতিবাদত শ্ৰেণীবৰ্জন

author img

By

Published : Aug 5, 2019, 7:05 PM IST

2010 বৰ্ষত বিদ্যালয়খনত তিনিজন ঠিকাভিত্তিক শিক্ষক নিয়োগ কৰিছিল চৰকাৰে ৷ 7 গৰাকী নিয়মীয়া আৰু 3 গৰাকী ঠিকাভিত্তিত নিয়োজিত শিক্ষকক লৈ মাথো 10 গৰাকী শিক্ষকৰে কোনোমতে চলি আছে এই হাইমাদ্ৰাছাখন বিদ্যালয়খন

দৰমহা মোকলাই দিয়াৰ নামত শ্ৰেণীবৰ্জন

বৰপেটা,৫ আগষ্টঃ শিক্ষা বিভাগৰ গাফিলতি আৰু চৰকাৰী বিদ্যালয়ৰ প্ৰতি প্ৰদৰ্শন কৰা হেমাহিৰ বাবেই বৰপেটা গৰেমাৰীৰ বানিয়াপাৰা এম এ বাতেন হাইমাদ্ৰাছা বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ বিঘ্নিত হৈ পৰিছে ৷ উল্লেখ্য যে, বিদ্যালয়খনত পূৰ্বে আছিল 19 জনকৈ শিক্ষক ৷ পিছে এই মুহুৰ্তত মাথো 7 গৰাকী শিক্ষকেহে কোনোমতে পাঠদান কৰি থাকিবলগীয়া হৈছে ৷ 2010 বৰ্ষত বিদ্যালয়খনত তিনিজন ঠিকাভিত্তিক শিক্ষক নিয়োগ কৰিছিল চৰকাৰে ৷ 7 গৰাকী নিয়মীয়া আৰু 3 গৰাকী ঠিকাভিত্তিত নিয়োজিত শিক্ষকক লৈ মাথো 10 গৰাকী শিক্ষকৰে কোনোমতে চলি আছে এই হাইমাদ্ৰাছাখন বিদ্যালয়খন ৷ যাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে ৷

দৰমহা মোকলাই দিয়াৰ নামত শ্ৰেণীবৰ্জন

আনহাতে,শেহতীয়াভাৱে ঠিকাভিত্তিত নিয়োজিত শিক্ষকসকলক চৰকাৰে আদায় দিয়া নাই 5 মাহৰ দৰমহা ৷ যাৰ বাবে বিদ্যালয়খনৰ শিক্ষকসকলে দৰমহা মোকলাই দিয়া আৰু চাকৰি নিয়মীয়াকৰণৰ দাবীত শ্ৰেণীবৰ্জন কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ বিশেষকৈ শ্ৰেণী বৰ্জন কাৰ্যসূচীৰ ফলত বিদ্যালয়সমূহত পাঠদানৰ ক্ষেত্ৰত সৃষ্টি হৈছে চৰম অচলাৱস্থা ৷ চৰকাৰে ঠিকাভিত্তিত নিয়োজিত শিক্ষকসকলৰ সমস্যা সমাধান নকৰিলে বহু বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ বিঘ্নিত হোৱাৰ লগতে ছাত্ৰ ছাত্ৰীসকলো নিশ্চিতভাৱে ভীষণ ক্ষতিৰ সন্মুখীন হ'ব ৷

Intro:বৰপেটা, ৫ আগষ্টঃ এয়া বৰপেটা জিলাৰ গৰেমাৰীৰ বানিয়াপাৰাত অৱস্থিত এম এ বাতেন হাই মাদ্ৰাছা ৷ শিক্ষা বিভাগৰ গাফিলতি আৰু চৰকাৰী বিদ্যালয়ৰ প্ৰতি প্ৰদৰ্শন কৰা হেমাহীৰ বাবেই বিদ্যালয়খনৰ শৈক্ষিক পৰিবেশ বিঘ্নিত হৈ পৰিছে ৷ বিদ্যালয়খনত পূৰ্বে আছিল ১৯ জনকৈ শিক্ষক ৷ পিছে এই মুহুৰ্তত মাথো ৭ গৰাকী শিক্ষকেহে কোনোমতে পাঠদান কৰি থাকিবলগীয়া হৈছে ৷ Body:বিদ্যালয়খনৰ পৰা অৱসৰ গ্ৰহনৰ পিচত নতুনকৈ শিক্ষক নিয়ুক্তি দিয়া নাই চৰকাৰে ৷ ফলত একেটা শ্ৰেনীতে শতাধিক ছাত্ৰ ছাত্ৰীয়ে পাঠগ্ৰহন কৰিবলগীয়া হৈছে ৷ তথাপি নিৰ্বিকাৰ চৰকাৰ, নিৰ্বিকাৰ শিক্ষা বিভাগ ৷ এয়া এগৰাকী ছাত্ৰীৰ মুখেৰেই শুনক ছাত্ৰ ছাত্ৰীসকলে ভোগ কৰি অহা সমস্যাৰ কথা ৷
২০১০ বৰ্ষত বিদ্যালয়খনত তিনিজন ঠিকাভিত্তিক শিক্ষক নিয়োগ কৰিছিল চৰকাৰে ৷ ৭ গৰাকী নিয়মীয়া আৰু ৩ গৰাকী ঠিকাভিত্তিত নিয়োজিত শিক্ষকক লৈ মাথো ১০গৰাকী শিক্ষকৰে কোনোমতে চলি আছে এই হাইমাদ্ৰাছাখন বিদ্যালয়খন ৷ যাৰফলত ছাত্ৰছাত্ৰীসকলে শিক্ষাগ্ৰহনৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হবলগীয়া হৈছে ৷
ইপিনে শেহতীয়াভাৱে ঠিকাভিত্তিত নিয়োজিত শিক্ষকসকলক চৰকাৰে আদায় দিয়া নাই ৫ মাহৰ দৰমহা ৷ ঠিকাভিত্তিত নিয়োজিত শিক্ষকসকলৰ অনাদায় হৈ থকা পাঁচ মাহৰ দৰমহা মোকলাই দিয়া আৰু চাকৰি নিয়মীয়াকৰণৰ দাবীত গ্ৰহন কৰা শ্ৰেণীবৰ্জনৰ কাৰ্যসূচীয়ে বৰপেটাৰ এই এম এ বাতেন হাই মাদ্ৰাছাখনৰ লগতে আন বহু বিদ্যালয়লৈ গভীৰ সংকট কঢ়িয়াই আনিছে ৷ বিশেষকৈ শ্ৰেনী বৰ্জন কাৰ্যসূচীৰ ফলত বিদ্যালয়সমূহত পাঠদানৰ ক্ষেত্ৰত সৃষ্টি হৈছে চৰম অচলাৱস্থা ৷ চৰকাৰে ঠিকাভিত্তিত নিয়োজিত শিক্ষকসকলৰ সময্যা সমাধান নকৰিলে বহু বিদ্যালয়ৰ শৈক্ষিক পৰিবেশ বিঘ্নিত হোৱাৰ লগতে ছাত্ৰ ছাত্ৰীসকলো নিশ্চিতভাৱে ভীষন ক্ষতিৰ সন্মুখীন হব ৷

Conclusion:বাইটঃ ছাত্ৰী ৷
বাইটঃ শিক্ষক ৷

--- বাপকন দাস, বৰপেটা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.