ETV Bharat / state

নিৰ্মাণ নহ'ল বাংলিপাৰা গড়কাপ্তানী পথ - জনপ্ৰতিনিধি

জনীয়াৰ পৰা বাংলিপাৰা হৈ গৰেমাৰীলৈ যোৱা গড়কাপ্তানি পথৰ জৰাজীৰ্ণ অৱস্থাই জলাকলা খুৱাইছে বাংলিপাৰা বাসীক ৷ পথটো মেৰামতি কৰাৰ ক্ষেত্ৰত বহুবাৰ জনপ্ৰতিনিধিৰ লগতে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰা হৈছে যদিও কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিয়োগ ৰাইজৰ ৷

poor-condition-of-road-in-jania
নিৰ্মাণ নহ'ল বাংলিপাৰা গড়কাপ্তানী পথৰ
author img

By

Published : Jun 11, 2021, 2:28 PM IST

জনীয়া, 11 জুন : জনীয়াৰ পৰা বাংলিপাৰা হৈ গৰেমাৰীলৈ যোৱা গড়কাপ্তানি পথৰ জৰাজীৰ্ণ অৱস্থাই জলাকলা খুৱাইছে পথচাৰীক । বিগত দহ বছৰ ধৰি বাংলিপাৰা গাঁৱৰ এই গড়কাপ্তানী পথটোৰ মাজে মাজে সৃষ্টি হোৱা পুখুৰী সদৃশ গাতৰ ফলত যমৰ-যাতনা ভুগিব লগা হৈছে সাধাৰণ ৰাইজে । ইফালে এই পথটোত সঘনাই সংঘটিত হৈ আহিছে দুৰ্ঘটনা । তদুপৰি পথৰ দুৰৱস্থাৰ বাবে অঞ্চলটোলৈ এম্বুলেঞ্চ নাইবা অগ্নি নিৰ্বাপকৰ বাহন অহা যোৱাৰ ক্ষেত্ৰতো অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে ।

নিৰ্মাণ নহ'ল বাংলিপাৰা গড়কাপ্তানী পথৰ

বাংলিপাৰা, সালেকুৰা, গৰেমাৰী, ডাউকমাৰী, গলিয়া আদি গাঁৱৰ ৰাইজে যাতায়ত কৰা অতি গুৰুত্বপূৰ্ণ এই পথটো মেৰামতি কৰাৰ ক্ষেত্ৰত বহুবাৰ জনপ্ৰতিনিধিৰ লগতে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰা হৈছে যদিও কোনো গুৰুত্ব প্ৰদান কৰা নাই ৷ গতিকে অতি সোনকালে এই পথটো মেৰামতি কৰিবৰ বাবে বিভাগীয় কৰ্তৃপক্ষক দাবী ৰাইজে ৷

লগতে পঢ়ক : চিৰদিনলৈ নুমাব নেকি বহৰি সত্ৰৰ ৫৬৮ বছৰীয়া অক্ষয় বন্তি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.