ETV Bharat / state

কলগাছিয়া বৰপেটা অসামৰিক চিকিৎসালয়ত ৰোগীৰ নৰক যন্ত্ৰণা, ভ্ৰূক্ষেপ নাই স্বাস্থ্য বিভাগৰ - কলগাছিয়া বৰপেটা অসামৰিক চিকিৎসালয়

কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত ৰোগীৰ অনুপাতে তেনেই নগণ্য ডাক্তৰৰ সংখ্যা । কৰ্মৰত কেইজনো চিকিৎসকে মানৱতাক জলাঞ্জলী দি বিনা ধনে ৰোগীলৈ চকু মেলিও নোচোৱাৰ অভিযোগ তুলিছে ৰোগীৰ পৰিয়ালে

কলগাছিয়া বৰপেটা অসামৰিক চিকিৎসালয়ৰ দুৰাৱস্থা
author img

By

Published : Apr 16, 2019, 3:11 PM IST

বৰপেটা, 16 এপ্ৰিলঃ কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত স্বাস্থ্যবিভাগৰ ফোপোলা স্বৰূপ।পশ্চিম বৰপেটাৰ বৃহত্তৰ এলেকাৰ দুখীয়া ৰোগীসকলে চিকিৎসা সেৱাৰ বাবে ভিৰ কৰেহি অসামৰিক চিকিৎসালয় খনত । কিন্তু ৰোগীৰ অনুপাতে অন্যান্য সুবিধাৰ লগতে হাস্পতাল খনত ডাক্তৰৰ সংখ্যা তেনেই নগণ্য। কৰ্মৰত চিকিৎসক কেইজনেও মানৱতাক জলাঞ্জলী দি বিনা ধনে ৰোগীলৈ চকু মেলি নোচোৱাৰ অভিযোগ তুলিছে ৰোগীৰ পৰিয়ালে । লগতে কৰ্তব্যৰ সময়তো অধিক ধন ঘটাৰ লোভত একাংশ চিকিৎসকে নিজৰ ব্যক্তিগত কোৱাৰ্টাৰত ধনী শ্ৰেণীৰ ৰোগীৰ সৈতে ব্যস্ত থকাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। ইপিনে হাস্পতালত চিকিৎসকৰ অনুপস্থিতিৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি নাৰ্চ সকলে ৰোগীলৈ সেৱা আগবঢ়োৱাৰ বিপৰীতে ঘন্টাৰ পিচত ঘন্টালৈকে মোবাইলত ব্যস্ত হৈ থকাটো সৰ্বত্ৰে পৰিতাপৰ বিষয় বুলি বিবেচিত হৈছে। যাৰ পৰিপ্ৰেক্ষিতত বৃহত্তৰ পশ্চিম বৰপেটাৰ দুখীয়া ৰোগীসকলৰ বাবে একমাত্ৰ ভৰসাৰ বৰপেটা অসামৰিক চিকিৎসালয়খন সম্প্ৰতি নৰকলৈ ৰূপান্তৰ হৈছে বুলি বৰপেটাবাসীয়ে গভীৰ দুখ প্ৰকাশ কৰিছে । এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে ভুক্তভুগীসকলৰ লগতে অঞ্চলটোৰ স্থানীয় ৰাইজে।

কলগাছিয়া বৰপেটা অসামৰিক চিকিৎসালয়ত ৰোগীৰ নৰক যন্ত্ৰণা, ভ্ৰূক্ষেপ নাই বিভাগৰ

আছে গৰু নেবায় হাল, থকাতকৈ নাথকাই ভাল। এই আপ্তবাক্য শাৰী এশ শতাংশই খাপ পৰিছে কলগাছিয়াস্থিত বৰপেটা চিভিল হস্পিতালৰ ক্ষেত্ৰত। হস্পিতাল খনত পশ্চিম বৰপেটাৰ বৃহত্তৰ এলেকাৰ গৰিব-দুখীয়া আৰু অতি সহজ-সৰল বিপদগ্ৰস্হ ৰোগী সকলে চিকিৎসা সেৱা গ্ৰহণৰ বাবে ভীৰ কৰে। কিন্তু ৰোগী অনুপাতে হস্পিতাল খনত অন্যান্য সুবিধাৰ লগতে ডাক্তৰৰ সংখ্যা তেনেই নগণ্য। থকা কেইজনো মানৱতাক জলাঞ্জলি দি বিনা ধনে ৰোগীলৈ চকু মেলিও নোচোৱাৰ অভিযোগ উত্থাপন হৈছে। কৰ্তব্যৰ সময়তো অধিক ধন ঘটাৰ বাবে বৰপেটা চিভিল হস্পিতালৰ ডাক্তৰ সকলে নিজৰ নিজৰ ব্যক্তিগত কোৱটাৰত ধনী শ্ৰেণীৰ ৰোগীৰ সৈতে ব্যস্ত থকাৰ দীৰ্ঘদিনীয়া অভিযোগ আছে। ইপিনে হস্পিতালত ডাক্তৰ অনুপস্থিত থকাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি নাৰ্চ সকলে ৰোগীলৈ সেৱা আগবঢ়োৱাৰ বিপৰীতে ঘন্টাৰ পিছত ঘন্টালৈকে দৃষ্টি কটু ভাৱে মোবাইলত ব্যস্ত থকাটো সৰ্বত্ৰে পৰিতাপৰ বিষয় বুলি বিবেচিত হৈছে। যাৰ পৰিপ্ৰেক্ষিতত বৃহত্তৰ পশ্চিম বৰপেটাৰ দুখীয়া ৰোগী সকলৰ বাবে এক মাত্ৰ ভৰসাৰ বৰপেটা চিভিল হস্পিতাল খন সম্প্ৰতি নৰকলৈ ৰূপান্তৰ হৈছে বুলি ৰাইজে গভীৰ দুখ প্ৰকাশ কৰা দেখা গৈছে। এই ক্ষেত্ৰত ৰাইজলৈ কৃপাৰ দৃষ্টিৰে বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে বিভাগীয় কতৃপক্ষক স্থানীয় ৰাইজে আহ্বান জনাইছে।

Byte: ৰোগী, অভিবাবক আৰু স্থানীয় ৰাইজ।

SLUG: 
A_GHY_803_16APRIL_HOSPITAL_POOR_CONDITION_VIS+BITE_S_KHAN

FEED : FTP
SCRIPT : MAIL
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.