ETV Bharat / state

বৰপেটাৰোডত আৰক্ষীয়ে লৈ গ’ল ব্যৱসায়িক প্ৰতিষ্ঠানৰ দগা-পাল্লা - বৰপেটাৰোডৰ ব্যৱসায়ীৰ চৰকাৰী নিৰ্দেশনা অমান্য

বৃহস্পতিবাৰে বৰপেটাৰোডৰ একাংশ ব্যৱসায়িক প্ৰতিষ্ঠানত অভিযান আৰক্ষীৰ ৷ 2 বজাৰ লগে লগে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ নকৰাৰ বাবে ব্যৱসায়ীসকলৰ বিৰুদ্ধে সৰৱ হৈ পৰে আৰক্ষী ৷

barpetaroad police investigation
বৰপেটাৰোডত আৰক্ষীৰ অভিযান
author img

By

Published : May 7, 2021, 6:31 AM IST

বৰপেটাৰোড, 7 মে’ : সমগ্ৰ দেশৰ লগতে ৰাজ্যতো কৰ’ণা মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ পৰিলক্ষিত হৈছে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ অন্য প্ৰান্তৰ লেখীয়াকৈ বৰপেটাৰোডতো জাৰি কৰা হৈছে নতুন নিৰ্দেশনা ৷ কিন্তু বৰপেটাৰোডৰ একাংশ ব্যৱসায়ীয়ে নতুন চৰকাৰী নিৰ্দেশনা উলংঘা কৰাৰ ফলস্বৰূপে বৃহস্পতিবাৰে তেওঁলোকৰ বিৰুদ্ধে অভিযান চলায় আৰক্ষীয়ে ৷ নতুন নীতি অনুসৰি, দুপৰীয়া 2 বজাৰ লগে লগে সকলো দোকান-পোহাৰ তথা ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰাখিবলৈ ব্যৱসায়ীসকলক নিৰ্দেশ প্ৰদান কৰা হৈছে ৷

barpetaroad police investigation
বৰপেটাৰোডত আৰক্ষীৰ অভিযান

এই নিৰ্দেশনা অমান্য কৰি একাংশ ব্যৱসায়ীয়ে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ নকৰাত তেওঁলোকৰ দোকানৰ পৰা দগা-পাল্লা লৈ যায় আৰক্ষীয়ে ৷ ইয়াৰ পাচতে লৰালৰিকৈ দোকানসমূহৰ দুৱাৰ বন্ধ কৰে ব্যৱসায়ীসকলে ৷ আগন্তুক সময়ত আৰক্ষী-প্ৰশাসন অধিক কঠোৰ হ’ব বুলিও সকীয়নি দিয়ে আৰক্ষীয়ে ৷

লগতে পঢ়ক : চিৰাঙত আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.