বৰপেটা, 11 আগষ্ট : বৰপেটাত নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷ বৰপেটাৰ বহৰিৰ বাটগাঁৱত মঙলবাৰে আৰক্ষীয়ে পুনৰ অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেটসহ কফ চিৰাপ জব্দ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে বাটগাঁৱৰ প্ৰসেনজিৎ দাস নামৰ লোকজনৰ ঘৰত অভিযান চলাই নিচাযুক্ত দ্ৰব্যসমূহ জব্দ কৰে ৷
বৰপেটা আৰক্ষীয়ে অভিযানৰ সময়ত নিচাযুক্ত দ্ৰব্যসমূহ সৰবৰাহৰ লগত জড়িত থকা অভিযোগত দুজন লোকক আটক কৰে ৷ আৰক্ষীৰ হাতত আটক হোৱা সৰবৰাহকাৰী দুটা বঙাইগাঁৱৰ নিউ ৰে’লৱে কলনীৰ দেৱাশীষ ৰয় আৰু চিৰাং জিলাৰ ঢালিগাঁৱৰ চবিদুল শ্বেখ বুলি জানিব পৰা হৈছে ৷ আৰক্ষীয়ে জব্দ কৰা নিচাযুক্ত দ্ৰব্যসমুহৰ মূল্য প্ৰায় 8 লক্ষাধিক টকা ৷
![police seized large quantity of narcotic tablets and kapha siraf at barpeta](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-bar-11to15-10aug-police-seized-large-quantity-of-narcotic-tablets-and-kapha-siraf-visbitephoto-as10038_10082021203153_1008f_1628607713_1016.png)
লগতে পঢ়ক : বাক্সাত গাঞ্জা ব্যৱসায়ীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী
নিচাযুক্ত দ্ৰব্যসমূহ কঢ়িয়াই অনা AS 17 B 8735 নম্বৰৰ বলেৰ' পিক আপ ভানখন ইতিমধ্যে জব্দ কৰিছে আৰক্ষীয়ে ৷ বৰপেটা আৰক্ষীয়ে জনোৱা মতে, বঙাইগাঁৱৰ পৰা বৰপেটাৰ বাটগাঁৱলৈ নিচাযুক্ত টেবলেট আৰু কফ চিৰাপসমূহ সৰবৰাহ কৰা হৈছিল ৷ ঘৰটোৰ গৰাকী প্ৰসেনজিৎ দাসে আৰক্ষীৰ উপস্থিতিৰ উমান লাভ কৰি পূৰ্বেই ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷