বৰপেটা, ৬ জুন : ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে ৷ ৰাজ্য অন্য জিলাৰ সমান্তৰালকৈ বৰপেটাতো আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান ৷ বিগত প্ৰায় কুৰিদিন ধৰি বৰপেটা আৰক্ষীৰ অভিযানত নিতৌ এজনৰ পাছত আন এজন ড্ৰাগছ ব্যৱসায়ী আৰক্ষীৰ হাতত আটক হোৱাৰ পাছত দেওবাৰে বাবুল আহমেদ নামৰ এটা কুখ্যাত ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে বৃহৎ অভিযানত নামিল বৰপেটা আৰক্ষী ৷
বৰপেটা আৰক্ষীয়ে দেওবাৰে তিনিটা ভাগত বিভক্ত হৈ ধানবন্ধা গাঁৱৰ আন্তঃৰাজ্যিক ড্ৰাগছ ব্যৱসায়ী বাবুল আহমেদক বিচাৰি মাৰাথন অভিযান চলায় ৷ এই অভিযানৰ মাজতে আৰক্ষীৰ বেহু ফালি পলাবলৈ সক্ষম হোৱা বাবুল আহমেদৰ সৈতে গুলীয়াগুলিৰ ঘটনাও সংঘটিত হয় ৷ পৰৱৰ্তী সময়ত মৰাপাট খেতিৰ মাজত বাবুল আহমেদ লুকাই থকাৰ সন্দেহত আৰক্ষীয়ে অভিযান চলায় যদিও ড্ৰাগছ ব্যৱসায়ীজনক আটক কৰাত ব্যৰ্থ হয় ৷
অৱশ্যে ড্ৰাগছ ব্যৱসায়ী বাবুল আহমেদৰ ঘৰৰ পৰা আৰক্ষীয়ে ড্ৰাগছৰ খালি কন্টেইনাৰসহ এখন বাহন জব্দ কৰিবলৈ সক্ষম হয় ৷ বৰপেটাৰ পৰা পশ্চিমবংগ আদি ৰাজ্যলৈ ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত আন্তঃৰাজ্যিক ড্ৰাগছ ব্যৱসায়ীজন পূৰ্বে কেবাবাৰো জেললৈ যোৱাৰ লগতে হত্যাৰ অভিযোগতো অভিযুক্ত হৈ আছিল ৷
লগতে পঢ়ক: কৰিমগঞ্জত জব্দ হস্ত নিৰ্মিত বন্দুক