ETV Bharat / state

ভাৰত-বাংলা সীমান্তত অকাল মৃত্যুক সাৱটিলে অসম আৰক্ষীৰ জোৱান - 26 irbn

যোৱা নিশা মানকাৰচৰৰ কুকুৰমাৰাৰ ভাৰত-বাংলাদেশ সীমান্তত চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈছিল ঝালোৰচৰস্থিত 26 আই আৰ বি এনৰ এটা দল ৷ কিন্তু গৰু সৰবৰাহকাৰীক খেদিবলৈ যাওতেই সীমান্ত অঞ্চলত থকা এটা খালত সোমাই পৰে কনিষ্টবল ৰবেন দাস ৷ সাঁতুৰিবলৈ অপ্ৰাণ চেষ্টা কৰিও খালটোৰ গভীৰতা অধিক হোৱাৰ বাবে বাচিব নোৱাৰিলে কনিষ্টবল গৰাকী ৷

cattle smuggling
cattle smuggling
author img

By

Published : Oct 18, 2020, 9:22 PM IST

পাঠশালা, 18 অক্টোবৰ : মানকাচৰৰ ভাৰত বাংলাদেশ সীমান্তত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা ৷ চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ মৃত্যুক সাৱটি ল’লে অসম আৰক্ষীৰ এজন জোৱানে ৷ যোৱা নিশা মানকাৰচৰৰ কুকুৰমাৰাৰ ভাৰত-বাংলাদেশ সীমান্তত চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈছিল ঝালোৰচৰস্থিত 26 আই আৰ বি এনৰ এটা দল ৷

কিন্তু গৰু সৰবৰাহকাৰীক খেদিবলৈ যাওতেই সীমান্ত অঞ্চলত থকা এটা খালত সোমাই পৰে কনিষ্টবল ৰবেন দাস ৷ সাঁতুৰিবলৈ অপ্ৰাণ চেষ্টা কৰিও খালটোৰ গভীৰতা অধিক হোৱাৰ বাবে বাচিব নোৱাৰিলে কনিষ্টবল গৰাকী ৷ আনকি সহযোগগী সকলেও চেষ্টা কৰিব উদ্ধাৰ কৰিব নোৱাৰিলে ৰবেন দাসক ৷

ভাৰত-বাংলা সীমান্তত অকাল মৃত্যুক সাৱটিলে অসম আৰক্ষীৰ জোৱান

পাচত নিশাই এছ ডি আৰ এফ বাহিনী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে ৰবেন দাসৰ মৃতদেহ ৷ দেওবাৰে পুৱা কনিষ্টবল গৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে দুটা চোৰাং গৰু ৷

আনহাতে পুৱালৈকে পৰিয়ালৰ লোকে পোৱা নাছিল ৰবেন দাসৰ মৃত্যুৰ খবৰ ৷ পুৱাহে তেওঁৰ ভাতৃক লগৰীয়াই ফোনযোগে জনায় এই খবৰ ৷ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তইও ৰবেন দাসৰ পৰিয়াললৈ ফোন কৰি মৃত্যুৰ খবৰ জনোৱাৰ লগতে ৰবেন দাসক শ্বহীদ ঘোষণা কৰাৰ কথা সদৰী কৰে ৷

  • During an operation by @SSalmaraPolice near Indo-Bangladesh Border to nab cattle smugglers,CN Roben Das made the supreme sacrifice when he drowned while attempting to apprehend the culprits.

    We offer our deepest condolences to his family & will always be inspired by his bravery. pic.twitter.com/0fRQyVCiEO

    — Assam Police (@assampolice) October 18, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

এই খবৰ লাভ কৰাৰ লগে লগে সৰুক্ষেত্ৰীৰ হাঠিনাপুৰৰ ৰবেন দাসৰ ঘৰত হুৱাদুৱা লাগে ৷ 2018 চনত চাকৰিত যোগ দিছিল ৰবেন দাসে ৷ স্থানীয় ৰাইজে অন্ত্যেষ্টিক্ৰিয়াৰ বাবে যাৱতীয় সকলো ব্যৱস্থা সমাপন কৰিছে ৷ সামৰিক মৰ্যাদাৰে সম্পন্ন কৰা হ’ব ৰবেন দাসৰ অন্ত্যেষ্টিক্ৰিয়া ৷ সমগ্ৰ অঞ্চলটোতে কনিষ্টবলজনৰ মৃত্যুৱে সোকৰ ছাঁ পেলাইছে ৷

লগতে পঢ়ক : আছুৰ বাবে নীলকণ্ঠৰ দৰে কাম কৰি যাব সমুজ্জল ভট্টাচাৰ্যই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.