ETV Bharat / state

ৰাজ্যৰ বিভিন্ন প্ৰান্তত জব্দ ড্ৰাগছ - মুকালমুৱাৰ দৌলাশাল আৰক্ষী চকী

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত শেহতীয়াকৈ ৰাজ্যজুৰি চলা ড্ৰাগছ বিৰোধী অভিযানত আৰক্ষীৰ জালত পৰিছে বহু ড্ৰাগছ সৰৱৰাহকাৰী ৷ লগতে উদ্ধাৰ হৈছে বহু নিচাজাতীয় সামগ্ৰী ৷

police-arrested-many-drugs-peddler-across-the-state
ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ সফলতা
author img

By

Published : Jun 27, 2021, 11:08 PM IST

নিউজ ডেস্ক, 27 জুন : ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰা নীতি-নিৰ্দেশনা আৰু সান্ধ্য আইনৰ সুযোগ লৈ ৰাজ্যত সক্ৰিয় হৈছে একাংশ দুষ্ট চক্ৰ ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত শেহতীয়াকৈ ৰাজ্যজুৰি চলা ড্ৰাগছ বিৰোধী অভিযানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা উদ্ধাৰ হৈছে বৃহৎ বৃহৎ পৰিমানৰ ড্ৰাগছ, গাঞ্জা সহ আন বহু নিচা জাতীয় সামগ্ৰী ৷ লগতে আৰক্ষীৰ জালত পৰিছে বহু বাঘা বাঘা ড্ৰাগছ সৰবৰাহকাৰী ৷ ইয়াৰ মাজতে বাক্সাৰ শিলমাগুৰী আৰক্ষী আৰু চি আৰ পি এফৰ যুটীয়া অভিযানত দেওবাৰে নিশা ব্ৰাউন চুগাৰ সহ আৰক্ষীৰ জালত পৰে এজন যুৱক ৷ আটকাধীন যুৱকজনৰ নাম জয়নাল আবেদিন বুলি জানাইছে আৰক্ষীয়ে ৷

উল্লেখ্য যে,ধৃত জয়নাল আবেদিনৰ পৰা 33.88 গ্ৰাম ব্ৰাউন চুগাৰ, 186 টা খালী কন্টেইনাৰ, 21 টা ভৰ্তি আৰু 126 টা নিচাযুক্ত য়াবা টেবলেট জব্দ কৰিছে আৰক্ষীয়ে ৷ কেইদিনমান পূৰ্বে আটক হোৱা কেইবাজনো ড্ৰাগছ সৰবৰাহকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিতে দেওবাৰে নিশা বৰপেটা চহৰৰ সমীপৰ চাপৰা গাঁৱৰ পৰা ড্ৰাগছ সৰবৰাহকাৰী জয়নাল আবেদিনক আটক কৰা হয় বুলি জানিবলৈ দিছে শিমলাগুৰী আৰক্ষীয়ে ৷

police-arrested-many-drugs-peddler-across-the-state
ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ সফলতা

ইফালে শনিবাৰে নিশা মুকালমুৱাৰ দৌলাশাল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজশ্ৰী বুঢ়াগোহাঁইৰ নেতৃত্বত চলা এক ভিযানত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ হোৱাৰ লগতে ব্ৰাউন চুগাৰ সহ আৰক্ষীৰ জালত পৰে দুই ড্ৰাগছ ব্যৱসায়ী ৷ ঘৰুৱাবাহাৰ পৰা বৰ্ণিবাৰীলৈ আহি থকা অৱস্থাত আৰক্ষীয়ে আটক কৰে নজৰুল হক আৰু মৃদুল আলী নামৰ দুই যুৱকক ৷ ধৃত যুৱক দুজনৰ পৰা সন্দেহযুক্ত ব্ৰাউন চুগাৰ ভৰ্তি তিনিটা কন্টেইনাৰ জব্দ কৰিছে আৰক্ষীয়ে ৷ লগতে যুৱক দুজনৰ পৰা AS 14 M 8019 নম্বৰৰ এখন বাজাজ পালচাৰ বাইকখনো জব্দ কৰিছে আৰক্ষীয়ে ৷

আনহাতে কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত নিচাযুক্ত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই এক গুৰুত্বপূৰ্ণ সফলতা লাভ কৰিছে আৰক্ষীয়ে ৷ প্ৰাপ্তখবৰ অনুসৰি দেওবাৰে বিয়লি এক গোপন সূত্ৰৰ পমখেদি শান্তিপাৰা গাঁওৰক্ষী বাহিনীৰ সহযোগত ডিফুৰ হৃদয়স্থলী শান্তিপাৰা ৰেলৱে ট্ৰেকৰ সমীপৰ পৰা বৃহৎ পৰিমানৰ নিচাযুক্ত এছ পি কেপচুল সহ তিনি ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে ৷ যুৱক কেইজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে 525 টাকৈ সন্দেহযুক্ত এছপি কেপচুল ৷ আটকাধীন যুৱক তিনিজন ক্ৰমে আকিবুৰ ৰহমান(18),মন্নাফ আলী(22) আৰু জাকিৰ হুছেইন ওৰফে হেণ্ডচাম বুলি চিনাক্ত কৰা হৈছে ৷

লগতে পঢ়কঃ ঐতিহাসিক দীঘলীপুখুৰীত প্ৰায় ১০ কুইণ্টল মাছৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.