ETV Bharat / state

বৰপেটাত ব্ৰাউন চুগাৰসহ ব্যৱসায়ী আটক - ব্ৰাউন চুগাৰ

নিচাজাতীয় দ্ৰব্যৰ অবৈধ বেহাৰ বিৰুদ্ধে বৰপেটা আৰক্ষীৰ অভিযান । ব্ৰাউন চুগাৰ বিক্ৰী কৰি থকা অৱস্থাতে আৰক্ষীয়ে আটক কৰিলে এটা ড্ৰাগছ ব্যৱসায়ীক । ধৃত ব্যৱসায়ীটোৰ পৰা ব্ৰাউন চুগাৰ ভৰ্তি ৫ টা কন্টেইনাৰ জব্দ কৰে আৰক্ষীয়ে ।

Police arrested drug peddler with brown sugar at Barpeta
বৰপেটাত ব্ৰাউন চুগাৰসহ ব্যৱসায়ী আটক
author img

By

Published : Jun 21, 2021, 2:21 PM IST

বৰপেটা, ২১ জুন: ড্ৰাগছ ব্যৱসায়ীক নাকী লগাবলৈ তৎপৰ ৰাজ্যৰ প্ৰশাসন । প্ৰতিদিনে ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰক্ষীয়ে চলাইছে অভিযান । আৰক্ষীৰ জালত পৰিছে কেইবাটাও ড্ৰাগছ ব্যৱসায়ী । নৱ প্ৰজন্মক অন্ধকাৰ ভৱিষ্যতৰ দিশে ঠেলি দিয়া মাৰাত্মক ড্ৰাগছৰ অবৈধ বেহা বন্ধ কৰিবলৈ অবৈধ ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে ।

বৰপেটাত ব্ৰাউন চুগাৰসহ ব্যৱসায়ী আটক

বৰপেটাতো অব্যাহত আছে আৰক্ষীৰ ধাৰাবাহিক অভিযান । কিন্তু, আৰক্ষীৰ অভিযান অব্যাহত থকাৰ মাজতো বৰপেটাত ড্ৰাগছৰ ব্যৱসায় চলাই আছে একাংশ অসাধু লোকে ৷ বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তপন মেধিৰ নেতৃত্বত আৰক্ষীয়ে চলোৱা অভিযানত আটক হ'ল এটা ড্ৰাগছ ব্যৱসায়ী ৷ ধৃত ড্ৰাগছ ব্যৱসায়ীটো বৰপেটাৰ দত্তকুছি গাঁৱৰ ৰুবুল খান ৷

আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ীটোক আটক কৰাৰ লগতে ব্যৱসায়ীটোৰ পৰা ব্ৰাউন চুগাৰ ভৰ্তি ৫ টা কন্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয় ৷ দীৰ্ঘ দিন ধৰি বৰপেটা আৰু হাউলী চহৰৰ লগতে দাবালিয়াপাৰা-দত্তকুছি অঞ্চলত ড্ৰাগছৰ ব্যৱসায় চলাই থকা ৰুবুল খানক ড্ৰাগছ বিক্ৰী কৰি থকা অৱস্থাতে দত্তকুছিৰ পৰা আৰক্ষীয়ে আটক কৰে । কেৱল ৰুবুল খানেই নহয়, এনে বহু লোক আছে, যি অবৈধভাৱে ড্ৰাগছৰ বেহা চলাই আহিছে ।

ইফালে, ড্ৰাগছৰ আসক্তিয়ে যুৱ প্ৰজন্মক বিপথে পৰিচালিত কৰিছে । ফলত সমাজত অপৰাধজনিত ঘটনাৰ সংখ্যাও বৃদ্ধি পাইছে । সেয়ে, ড্ৰাগছৰ আসক্তিৰ পৰা যুৱ প্ৰজন্মক মুক্ত কৰি এই সামাজিক ব্যাধি দূৰ কৰাৰ বাবে বদ্ধপৰিকৰ হৈছে ৰাজ্যৰ নতুন চৰকাৰ । দ্বিতীয়বাৰৰ বাবে অসমত বিজেপি চৰকাৰ গঠন হোৱাৰ পাচতে ৰাজ্যত ড্ৰাগছ ব্যৱসায় চলাই অহা অসাধু লোকসকলক কৰায়ত্ব কৰাৰ বাবে অভিযান আৰম্ভ হৈছে ।

কেৱল বৰপেটা জিলাতে নহয়, নগাঁও, হোজাইকে ধৰি ৰাজ্যৰ কেইবাখনো জিলাত ড্ৰাগছৰ ক'লা বেহা অব্যাহত আছে । এই ক'লা বেহা বন্ধ কৰি সমাজলৈ সুস্থিৰ বাতাবৰণ ঘূৰাই অনাৰ বাবে দিনে-নিশাই অভিযান চলাইছে আৰক্ষীয়ে ।

লগতে পঢ়ক:হোজাইত ৰাইজে ড্ৰাগছ আসক্ত যুৱকক গতালে আৰক্ষীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.