ETV Bharat / state

ক’ভিড শেষ হোৱাই নাই; দলে বলে বিজেপিয়ে উলিয়াইছে সমদল ! - জয়ন্তমল্ল বৰুৱা

কোনে কয় অসমত ক’ৰণা আছে ৷ দৃশ্য দেখিলে লাগে জানো ক’ৰণা বুলি কিবা বস্তু আছে ৷ জনতাৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা নেতাৰ ক্ষেত্ৰত আকৌ ৰঙা দলিচা ৷ এইয়া সম্পূৰ্ণ ৰূপে প্ৰতিফলন হোৱা দেখা গ’ল ভৱানীপুৰত ৷

খেনোক দেখি ৰান্ধে বাহে খেনোক দেখি দোৱাৰ মাৰে চৰকাৰে

author img

By

Published : Sep 12, 2021, 9:13 PM IST

পাঠাশাল, 12 ছেপ্তেম্বৰ : AIUDF ৰ বিধায়ক পদ ত্যাগ কৰি বিজেপিত যোগদান কৰা ফণীধৰ তালুকদাৰে দেওবাৰে ভৱানীপুৰ সমষ্টিত বজালে উপ-নিৰ্বাচনৰ ৰণডংকা । মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা জয়ন্ত মল্লবৰুৱা আৰু বজালী জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাক লগত লৈ হাজাৰ সমৰ্থকৰে চাৰিচকীয়া বাহন আৰু বাইক ৰেলী কৰি ভৱানীপুৰ সমষ্টিটো দখল কৰাৰ ৰণকৌশল তৈয়াৰ কৰা দেখা গৈছে ৷

খেনোক দেখি ৰান্ধে বাহে খেনোক দেখি দোৱাৰ মাৰে চৰকাৰে

খেনোক দেখি ৰান্ধে বাঢ়ে খেনোক দেখি দুৱাৰ মাৰাৰ অভিযোগ উত্থাপন হৈছে চৰকৰাৰ বিৰুদ্ধে ৷ ৰাজ্যত ক’ভিড পৰিস্থিতি নিয়ণন্ত্ৰণ কৰিবৰৰ বাবে ৰাজ্য চৰকাৰে SOP জাৰি কৰি ৰাজহুৱা সমাগম হোৱাত নিষেধাজ্ঞা আৰোপ কৰি থৈছে ৷ কিন্তু তাৰ বিপৰীত দৃশ্য দেখা গ’ল ভৱানীপুৰত ৷

ৰাজ্যত আৰু কিছুৰ দিনৰ পাছতে অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন ৷ তাৰমাজতে উপ-নিৰ্বাচনৰ পূৰ্বে তলা ছাবি এৰি ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰে গেৰুৱাবসন পৰিধান কৰিছিল ৷ গেৰুৱা বসন পৰিধান কৰিয়েই ফণীধৰ তালুকদাৰে ভৱানীপুৰত ৰণডংকা বজাবলৈ আৰম্ভ কৰিছিল ৷

লগতে পঢ়কঃ অভিশপ্ত নিমাতীৰ ফেৰী দুৰ্ঘটনা; আটক 6 ব্যক্তি

তাৰমাজতে দেওবাৰে ক’ভিডবিধি উলংঘা কৰি ভৱানীপুৰত উপ-নিৰ্বাচনৰ ৰণডংকা বজোৱা দেখা গৈছে ফণীধৰ তালুকদাৰৰ লগতে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা জয়ন্তমল্ল বৰুৱা আৰু বজালী জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাক ৷ যাক লৈ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে ৷

উল্লেখযোগ্য যে, হাজাৰ হাজাৰ সমৰ্থকৰে বাইক ৰেলী কৰি ভৱানীপুৰ সমষ্টি বিজেপিয়ে দখল কৰাৰ ইংগিত প্ৰদান কৰে ৷ প্ৰায় 25 কিলোমিটাৰ যোৰা চাইকেল ৰেলী বাহিৰ কৰি বিজেপিয়ে সমষ্টিটোত চমক সৃষ্টি কৰা দেখা যায় ৷ আনহাতে ৰেলীত অংশগ্ৰহণ কৰি নলবাৰীৰ বিধায়ক জয়ন্তমল্ল বৰুৱাই কয় যে, আজিৰ দিনত কোনো সনাতনী সংস্কৃতি, ভাৰতীয় সভ্যতাক বিশ্বাস কৰা মানুহে AIUDF, কংগ্ৰেছ নকৰে ।

সেয়েহে ফণী তালুকদাৰে বিজেপিত যোগদান কৰিছে আৰু বহু নেতা আহিবলৈ ৰৈ আছে বুলি কোৱা দেখা যায় জয়ন্তমল্ল বৰুৱাক ৷ এতিয়া সময়তহে লক্ষণীয় হ’ব ভৱানীপুৰত শেষ হাঁহি মাৰিবলৈ সক্ষম হয় নে নাই তলা- ছাবি এৰি গেৰুৱা বসন পৰিধান কৰা ফণীধৰ তালুকদাৰে ৷

লগতে পঢ়কঃ মাজুলীত দলং নিৰ্মাণ হোৱাত বাধা প্ৰদান কৰিছিল সত্ৰাধিকাৰ সকলে: জুৰি বৰা বৰগোহাঞি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.