ETV Bharat / state

তবলিগ-ই-জামাতত অংশগ্ৰহণকাৰীক বিচাৰি জিলা-জিলাই আৰক্ষীৰ অভিযান - corona virus latest news

দিল্লীৰ নিজামুদ্দিন দৰগাহত অনুষ্ঠিত তবলিগ-ই-জামাতত অংশ লোৱা একাংশ লোকৰ বাবে এতিয়া ৰাজ্যত সৃষ্টি হৈছে কৰ'ণাৰ আতংকৰ ৷ মঙলবাৰে অসমত প্ৰথমগৰাকী কৰ'ণা ৰোগী চিনাক্ত হোৱাৰ পিচত মাৰ্কজত অংশ লোৱা লোক সকলক স্বাস্থ্য পৰীক্ষা কৰোৱাত তৎপৰ হৈ পৰিছে প্ৰশাসন ৷

DISTRICT WISE QURANTINE
DISTRICT WISE QURANTINE
author img

By

Published : Apr 1, 2020, 12:10 PM IST

বৰপেটা,দৰং,ডিব্ৰুগড়, গোলাঘাট, 1 এপ্ৰিল

তবলিগ-ই-জামাতত অংশ লোৱা বৰপেটাৰ 5 জনক চিকিৎসালয়ত ভৰ্তি : দিল্লীৰ নিজামউদ্দিন দৰগাহৰ তবলিগ-ই-জামাতত বৰপেটাৰ প্ৰায় কুৰিজনে অংশগ্ৰহণ কৰাৰ সন্দেহ কৰা হৈছে ৷ জামাতত অংশ লোৱা লোকসকলক ইতিমধ্যে চিনাক্ত কৰিছে জিলা প্ৰশাসনে ৷ ইপিনে তবলিগ-ই-জামাতত অংশ লোৱা আৰু দিল্লীৰ পৰা অহা লোকসকলক কোৱাৰেন্টাইনৰ ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে ৷ বৰপেটাৰ চেঙা ৰাজহ চক্ৰৰ অধীনৰ ৪ জন আৰু কলগাছিয়া ৰাজহ চক্ৰৰ অধীনৰ ১জন লোকক আৰক্ষীৰ সহযোগত স্বাস্থ্য বিভাগে কোৱাৰেন্টাইনৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ ইতিমধ্যে লোককেইজনক বৰপেটা মেডিকেল কলেজ হাস্পতালত কোৱাৰেন্টাইনৰ বাবে ভৰ্তি কৰিছে ৷ চেঙা ৰাজহ চক্ৰ বিষয়াই জনোৱা মতে, বুধবাৰে অৰ্থাৎ আজি লোককেইজনৰ তেজ পৰীক্ষা কৰা হ'ব ৷ এই পৰীক্ষাৰ পিচতে লোককেইজনক নিজ গৃহত কোৱাৰান্টাইন কৰা হ'ব নে মেডিকেল কলেজ হাস্পতালৰ কোৱাৰেন্টাইনত ৰখা হ'ব সেয়া নিৰ্ণয় কৰা হ'ব ৷

তবলিগ-ই-জামাতত অংশগ্ৰহণকাৰীয়ে চিন্তা বঢ়াইছে অসমত

দৰঙতো আতংক : আনহাতে দিল্লীৰ নিজামুদ্দিন ভ্ৰমণ কৰি ওভতি অহা দৰঙৰ 24 জন লোকৰ ভিতৰত 16 জনক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি । দণ্ডাধীশ আৰু আৰক্ষীৰ জৰিয়তে ঘৰৰ পৰা স্বাস্থ্য পৰীক্ষাৰ বাবে অনা হৈছে তেওঁলোকক । আছুতীয়া কক্ষত ৰখাৰ ব্যৱস্থা কৰা হৈছে লোক কেইজনক । অৱশ্যে বৰ্তমানেও আন ৮ জনৰ সন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

ডিব্ৰুগড়ৰ দুজন লোক গৈছিল নিজামুদ্দিনলৈ : ডিব্ৰুগড় দিল্লীৰ নিজামুদ্দিন কাণ্ডই এতিয়া জোকাৰণি তুলিছে সমগ্ৰ দেশত। নিজামুদ্দিনৰ এই ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ডিব্ৰুগড় জিলাৰ পৰাও গৈছিল দুজন লোক । ডিব্ৰুগড় চহৰৰ বগাবাবা মাঝাৰ চাৰিআলিৰ এজন ২৭ বছৰীয়া যুৱক আৰু মৰাণৰ হুছেইন উপাধিৰ এজন ব্যক্তিয়ে উক্ত তবলিগত অংশ গ্ৰহণ কৰিবলৈ অসমৰ পৰা যোৱা ২৩,ফেব্ৰুৱাৰীত দিল্লীলৈ ৰাওনা হৈছিল । কিন্তু উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি নিজ গৃহলৈ ঘূৰি গৈ ইতিমধ্যে দেশৰ দহ গৰাকী লোকে মাৰাত্মক ক'ৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱাত সমগ্ৰ দেশৰ লগতে অসমতো ব্যাপক চাঞ্চল্যৰ সৃষ্টি হয় হৈছে । কিয়নো এই তবলিগত অসমৰ পৰা প্ৰায় ২৫০ গৰাকী লোকে অংশ গ্ৰহণ কৰিছিল। ইয়াৰে দুজন ব্যক্তি ডিব্ৰুগড় আৰু মৰাণৰ হোৱাত মঙলবাৰে জিলা প্ৰশাসন,আৰক্ষী প্ৰশাসন আৰু স্বাস্থ্য বিভাগ সস্তম হৈ পৰে। প্ৰশাসনে অতি তৎপৰতাৰে দুয়োজন ব্যক্তিৰ ঘৰলৈ গৈ ব্যক্তি দুগৰাকীৰ উপস্থিতিৰ সন্দৰ্ভত পৰীক্ষা কৰে। জানিব পৰা মতে দুয়োগৰাকী ব্যক্তি এই পৰ্যন্ত নিজ গৃহত আহি পোৱা নাই। ডিব্ৰুগড়ৰ ব্যক্তিগৰাকীক প্ৰতিবেশী এগৰাকীয়ে ফোন কৰি জানিব পাৰে যে বৰ্তমানে তেওঁ দিল্লীৰ নিজামুদ্দিনৰ মাৰ্কজতে আছে আৰু তেওঁলোকক স্থানীয় প্ৰশাসনে কোৱাৰেন্টাইন কৰিবৰ বাবে যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে । এই সময়লৈ অৱশ্যে ব্যক্তিগৰাকীৰ শৰীৰত কৰ'ণা ভাইৰাছৰ কোনো লক্ষণ ধৰা পৰা নাই বুলি জানিব পৰা গৈছে ৷

মাৰ্কজত অংশগ্ৰহণকাৰীক গোলাঘাটত স্বাস্থ্য পৰীক্ষা : দিল্লীৰ নিজামুদ্দিনস্থিত মাৰ্কজতৰ ধর্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল গোলাঘাটৰ বহু কেইজন লোকে । কিছু লোক তাৰ পৰা স্ব-গৃহলৈ আহিল যদিও বৰ্তমান গোলাঘাটৰ 27 গৰাকীৰ লোক উপস্থিত আছে নিজামুদ্দিন মাৰ্কজত। জানিব পৰা মতে দিল্লীৰ নিজামুদ্দিন মাৰ্কজৰলৈ যোৱা 10 গৰাকী লোক 22 মাৰ্চ তাৰিখে আহি গোলাঘাটত উপস্থিত হয়। 22 মাৰ্চ তাৰিখে গোলাঘাট আহি পোৱা দলটোত আছিল দেৰগাঁও,লুৰুকীহাট, মেৰাপানী অঞ্চলৰ 5 গৰাকী পুৰুষ,5 গৰাকী মহিলা । এই সকল লোক তবলিগ-ই-জামাতত অংশগ্ৰহণ কৰিবলৈ নিজামুদ্দিনলৈ গৈছিল। পূৰ্বতে অহা সকলক বৰ্তমান গোলাঘাট প্ৰশাসন আৰু স্বাস্থ্য বিভাগে স্বাস্থ্য পৰীক্ষাৰ বাবে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ অনা হৈছে ।

লগতে পঢ়ক : কোভিড-19ৰ বিৰুদ্ধে যুজিবলৈ ৰামজী ৰাওৱে আগবঢ়ালে 20 কোটি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.