ETV Bharat / state

জৰাজীৰ্ণ যোগাযোগ ব্যৱস্থাই জ্বলাকলা খোৱাইছে বাঘবৰবাসীক

author img

By

Published : Sep 23, 2022, 1:20 PM IST

বৰপেটা-বাঘবৰ সংযোগী পথৰ দুৰৱস্থা ৷ দুবছৰ পূৰ্বে বানে উটুৱাই নিয়া পথৰ নহ'ল মেৰামতি ৷ ৩ বছৰে আৰম্ভই নহ'ল দলং নিৰ্মাণৰ কাম ৷ স্থানীয় জনপ্ৰতিনিধিৰ বিৰুদ্ধে উজাৰিলে ক্ষোভ(Broken road and bridge in Baghbar) ।

people suffer for broken road and bridge
জৰাজীৰ্ণ পথ-দলঙে জ্বলাকলা খুৱাইছে বাঘবৰবাসীক

বৰপেটা,23 ছেপ্টেম্বৰ: বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ বৰপেটা-বাঘবৰ সংযোগী মুল পথৰ দুৰৱস্থা ৷ দুবছৰ পূৰ্বে বাঢ়নি পানীয়ে উটুৱাই নিয়া পথৰ এটা অংশ পুনৰ এই বছৰৰ বানেও উটুৱাই নিয়ে পথটোৰ আন এটা অংশৰ লগতে কালভাৰ্টটোও ৷ ফলত বাঁহৰ সাঁকোৰে বিপদসংকুল যাতায়াত অব্যাহত ৰাখিছে বাঘবৰবাসীয়ে(Broken road and bridge in Baghbar) ৷

ইফালে পথটোৰ অৱস্থা দেখিলে চকু কঁপালত উঠিব আপোনাৰো(Bad condition of road and bridge in Baghbar) । এক জৰাজীৰ্ণ আৰু বিপদসংকুল পথেৰে মৰণত শৰণ দি বাঘবৰবাসীয়ে অব্যাহত ৰাখিছে যাতায়াত ৷ পথটোৰ এনে জৰাজীৰ্ণ অৱস্থাৰ বাবে সেই স্থানত কেবাটাও ভয়াৱহ দূৰ্ঘটনাও সংঘটিত হোৱাৰ কথাও উল্লেখ কৰে স্থানীয় ৰাইজে ৷ পিছে পথটোৰ এনে জহি খহি যোৱা অৱস্থাৰ পিচতো বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদে পথতো যাতায়াত উপযোগী কৰি তুলিবলৈ কোনো ব্যৱস্থা গ্ৰহন কৰা নাই বুলি অভিযোগ একাংশৰ ৷

আনহাতে প্ৰতিবছৰে বাঢ়নি পানীয়ে উটুৱাই নিয়া পথটোৰ উক্ত অংশত লোকনিৰ্মাণ বিভাগে এখন পকী দলং নিৰ্মাণ আৰম্ভ কৰিছিল যদিও বাঘবৰৰ বিধায়কৰ ঘনিষ্ঠ ঠিকাদাৰজনে ৩বছৰে দলং নিৰ্মাণৰ কোনো কামেই আৰম্ভ নকৰা বুলি অভিযোগ স্থানীয় লোকৰ ৷ ফলত এইদৰেই বাঘবৰৰ ৰাইজে বৰপেটা-বাঘবৰ সংযোগী পথটোৰে দূৰ্বিসহভাৱে যাতায়াত অব্যাহত ৰাখিবলগীয়া হৈছে ৷ শীঘ্ৰেই এই পথচোৱা আৰু দলঙখন নিৰ্মাণ কৰি ৰাইজক সকাহ দিবলৈ আহ্বান জনাইছে অঞ্চলটোৰ ৰাইজে ।

লগতে পঢ়ক: আইমী বৰুৱাৰ বিৰুদ্ধে হাফলং থানাত এজাহাৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.