ETV Bharat / state

Price hike of Onion: গ্ৰাহকে কিনিছে এপোৱা পিয়াঁজ - দাম বাঢ়িছে পিয়াঁজৰ

যোগান মন্ত্ৰীৰ গৃহ চহৰ বৰপেটাৰোডত পিয়াঁজে জলাকলা খুৱাইছে গ্ৰাহকক ৷ প্ৰতিকিলো পিয়াঁজৰ মূল্য হ’লগৈ 70 টকাৰ পৰা 100 টকালৈকে ৷ যোগান মন্ত্ৰীয়ে মূল্যবৃদ্ধি ৰোধ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ অভিযোগ গ্ৰাহকৰ ৷

people slam supply minister due to price hike of onion
পিয়াঁজৰ মূল্য
author img

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 10:04 PM IST

পিয়াঁজৰ মূল্য

বৰপেটাৰোড, 27 অক্টোবৰ : দুৰ্গা পূজাৰ ফূৰ্তি শেষ কৰিয়েই ৰাইজৰ চকুত চকুপানী ৷ এতিয়া কান্দি কান্দিহে লক্ষী পূজা পাতিব ভক্তগণে ৷ পাকঘৰত সোমালেই গৃহিণীৰ চকু সেমেকি উঠে ৷ আঞ্জাখন সোৱাদ লগাকৈ ৰান্ধিবলৈ কাৰনো মন নাযায় ! পিছে মন কৰিলেই সকলো আকৌ হৈ নুঠে ৷ পিয়াঁজ অবিহনে সোৱাদ হ’বনো কেনেকৈ ? পিয়াঁজ অবিহনে বুলি আমি কিয় উল্লেখ কৰিছো, আপোনালোকে অনুমান কৰিব পাৰিছে নিশ্চয়কৈ ৷ এতিয়া পিয়াঁজে কেৱল ৰান্ধনীকে নহয়, গ্ৰাহককো সমানেই কন্দুৱাইছে ৷

পিয়াঁজৰ অস্বাভাৱিক মূল্যবৃদ্ধিত দিশহাৰা হৈ পৰিছে জনতা । প্ৰতিখন বজাৰতে দাম বাঢ়িছে পিয়াঁজৰ ৷ যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ গৃহ চহৰ বৰপেটাৰোডৰ বজাৰত অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে পিয়াঁজৰ মূল্য ৷ বৰপেটাৰোডৰ বজাৰত প্ৰতিকিলো পিয়াঁজৰ মূল্য 70 টকাৰ পৰা 100 টকা পৰ্যন্ত বৃদ্ধি পাইছে ৷ পিয়াঁজৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ ফলত পূৰ্বে যিসকল গ্ৰাহকে এক কিলো, দুই কিলো পিয়াঁজ ক্ৰয় কৰিছিল সেইসকল গ্ৰাহকে এতিয়া একপোৱাৰ পৰা আধা কিলো পিয়াঁজহে ক্ৰয় কৰিছে ৷

পিয়াঁজৰ মূল্যবৃদ্ধিৰ ফলত গ্ৰাহক ৰাইজে পিয়াঁজ কমকৈ ক্ৰয় কৰিছে ৷ তিনিদিন পূৰ্বে বৰপেটাৰোডত পিয়াঁজৰ মূল্য আছিল 40/50 টকা কিন্তু আজি বৰপেটাৰোডত পিয়াঁজৰ মূল্য হৈছেগৈ 70 টকাৰ পৰা 100 টকা ৷ বৰপেটাৰোডৰ বজাৰত পিয়াঁজ ক্ৰয় কৰিবলৈ অহা গ্ৰাহকে যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক সম্পূৰ্ণৰূপে ব্যৰ্থ মন্ত্ৰী বুলি অভিহিত কৰি মূল্যবৃদ্ধি ৰোধ কৰিবলৈ ব্যৰ্থ হোৱা এনে যোগান মন্ত্ৰী থকাতকৈ নথকাই ভাল বুলিও ক্ষোভ প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক : Onion price hike: পিয়াঁজ কিনিলেও কান্দিব, কাটোঁতেও কান্দিব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.