ETV Bharat / state

Howly Raas Mahotsav: এটা লটাৰী টিকট বিচাৰি হাউলী ৰাস মহোৎসৱত হেতাওপৰা - উপহাৰ কুপনৰ টিকট বিচাৰি হাউলী ৰাস মহোৎসৱত হেতাপৰা

হাউলী ৰাস মহোৎসৱত উপহাৰ কুপনৰ এটা টিকট বিচাৰি হাউলী ৰাস মহোৎসৱত হেতাওপৰা লগাইছে গ্ৰাহকে (Ticket of Howly Raas Mahotsav lottery) ৷ যোৰহাট, শিৱসাগৰ, লখিমপুৰৰ পৰাও টিকট বিচাৰি আহিছে বহুজন (People rush to buy lottery tickets) ৷ কিয়নো এইবাৰ হাউলী ৰাস মহোৎসৱত মাত্ৰ ১০০ টকাতে আগবঢ়োৱা হৈছে ৪৫ লাখ টকীয়া বিলাসী বাহন ৷

People rush to buy lottery tickets at Howly Raas Mahotsav
উপহাৰ কুপনৰ এটা টিকট বিচাৰি হাউলী ৰাস মহোৎসৱত হেতাওপৰা
author img

By

Published : Nov 4, 2022, 7:19 PM IST

বৰপেটা, 4 নৱেম্বৰ: নামনি অসমৰ ৰাস বুলিয়েই মনলৈ আহে হাউলী ৰাস মহোৎসৱৰ কথা (Howly Raas Mahotsav) ৷ লগতে মনলৈ আহে হাউলী ৰাসৰ আধ্যাত্মিক, সাংস্কৃতিক আদি বিবিধ কাৰ্যক্ৰমনিকাৰ লগতে বিশেষভাৱে মনলৈ আহে লটাৰী খেলৰ কথা ৷ কিয়নো মানুহৰ মাজত হাউলী ৰাস মহোৎসৱৰ উপহাৰ কুপন খেলখনৰ আকৰ্ষণ সৰ্বাধিক ৷

উপহাৰ কুপনৰ এটা টিকট বিচাৰি হাউলী ৰাস মহোৎসৱত হেতাওপৰা

এইবেলি ৯5 সংখ্যক বৰ্ষত পদাৰ্পন কৰা হাউলী ৰাস মহোৎসৱ উপলক্ষে আয়োজন কৰা উপহাৰ কুপন খেলক লৈ এতিয়া গ্ৰাহকৰ মাজত সৃষ্টি হৈছে এক হাহাকাৰ পৰিৱেশৰ ৷ উপহাৰ কুপনৰ এটা টিকট বিচাৰি হাউলী ৰাস মহোৎসৱত হেতাওপৰা লগাইছে গ্ৰাহকসকলে (Ticket of Howly Raas Mahotsav lottery) ৷

আনকি বহু দূৰ দুৰণিৰ পৰাও ৰাইজে টিকট ক্ৰয় কৰিবলৈ ভিৰ কৰিছে উপহাৰ কুপনৰ কাউন্টাৰত (People rush to buy lottery tickets) । টিকটৰ বাবে ঘন্টাৰ পিচত ঘন্টা ধৰি গ্ৰাহকে পাতিছে শাৰী ৷ যোৰহাট, শিৱসাগৰ, লখিমপুৰৰ পৰাও টিকট বিচাৰি আহিছে বহুজন ৷ কিয়নো এইবাৰ হাউলী ৰাস মহোৎসৱত মাত্ৰ ১০০ টকাতে আগবঢ়োৱা হৈছে ৪৫ লাখ টকীয়া বিলাসী বাহন ৷

হয়, ঠিকেই শুনিছে মাত্ৰ ১০০ টকাতে আগবঢ়োৱা হৈছে বিলাসী বাহন AUDI A4 ৷ উল্লেখ্য যে, হাউলী ৰাস মহোৎসত বহুমূখী সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ সাহায্যাৰ্থে আয়োজন কৰা বহু চৰ্চিত উপহাৰ কুপন খেল পৰিচালনা সমিতিয়ে উপহাৰ হিচাপে আগবঢ়াইছে ২১ খনকৈ চাৰিচকীয়া বিলাসী বাহন (Prize of Howly Raas Mahotsav lottery) ।

প্ৰথম পুৰস্কাৰ AUDI 4., দ্বিতীয় পুৰস্কাৰ MG HECTOR, তৃতীয় পুৰস্কাৰ টাটা হেৰিয়াৰ , চতুৰ্থ পুৰস্কাৰ হিচাপে আগবঢ়াইছে মহিন্দ্ৰা থাৰ, পঞ্চম পুৰস্কাৰ ভক্স ৱাগন, ষষ্ঠ হুণ্ডাই ক্ৰেটা, সপ্তম কিয়া চনেট, অষ্টম হুণ্ডাই ভেনু, নৱম টাটা এলট্ৰ’জ, দশম মাৰুতি ডিজায়াৰ আদিকে ধৰি মুঠ ২১ খনকৈ আকৰ্ষণীয় বাহন উপহাৰ হিচাপে আগবঢ়োৱা হৈছে ।

হাউলী ৰাস মহোৎসৱৰ শেষৰ দিন অৰ্থাৎ আগন্তুক ২১ নৱেম্বৰত এই উপহাৰ কুপন খেল অনুষ্ঠিত হ’ব । ১০০ টকাত কোনে লাভ কৰিব এই বিলাসী বাহন সেয়া ফলাফলৰ পিছতে জানিব পৰা যাব ।

লগতে পঢ়ক: Assam Book Fair : আজিৰে পৰা 10 দিনীয়াকৈ ধেমাজিত অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.