ETV Bharat / state

নিচা মুক্ত দুই যুৱকৰ এক ব্যতিক্ৰমী প্ৰচেষ্টা

পাঠশালাত মংগলমত বৰ্তমান প্ৰায় ৮০ জনৰো অধিক নিচাসক্ত লোকৰ চিকিৎসা চলি আছে । ইয়াৰ পৰা সুস্থ হৈ ইতিমধ্যে বহু কেইজন যুৱকে এখন সুন্দৰ সংসাৰ চলাই নিবলৈ সক্ষম হৈছে ।

author img

By

Published : Jun 1, 2021, 10:25 PM IST

Pathsala Two Boys story
দুই নিচাসক্ত যুৱকৰ নিচা মুক্ত হৈ ব্যতিক্ৰমী প্ৰচেষ্টা

বজালী, 1 জুন : বজালী জিলাৰ পাঠশালাৰ দুই নিচা আসক্ত যুৱক ভুটু আৰু দাবু ৰাগিয়াল জাতীয় বস্তু সেৱন কৰি নিজকে পাহৰি পেলাইছিল ৷ কিন্তু জীয়াই থকাৰ হেঁপাহে তেওঁলোক দুয়োজনকে দিলে নতুন জীৱন । অসম্ভৱকো সম্ভৱ কৰি দেখুৱালে দুই যুৱকে ৷ নিচাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে গুৱাহাটীৰ এখন ৰিহেবিলেশ্যন চেন্টাৰত তেওঁলোকে আৰম্ভ কৰে চিকিৎসা ৷

চিকিৎসাৰ পাছত দুয়োজন সুস্থ হৈ ঘৰলৈ ঘূৰি আহে আৰু পাঠশালাত মংগলম নামে এখন মাদক দ্ৰব্য আৰু ড্ৰাগছ নিবাৰণ সংস্থা স্থাপন কৰে । এই সংস্থাটোত অসমৰ বিভিন্ন ঠাইৰ পৰা নিচা আসক্ত যুৱক আহি ভৰ্তি হয় আৰু নিচাৰ পৰা মুক্তি লাভ কৰি এখন সুন্দৰ সংসাৰ চলাই নিবলৈ সক্ষম হৈছে ।

বৰ্তমান সময়ত এই কেন্দ্ৰটোত প্ৰায় ৮০ জনৰো অধিক নিচাসক্ত লোকৰ চিকিৎসা চলি আছে । নতুন প্ৰজন্মৰ দাবু আৰু ভুটুৰ এই কাৰ্যত সমগ্ৰ অঞ্চলজুৰি প্ৰশংসিত হৈছে । চৰকাৰে চলোৱা ড্ৰাগছ বিৰোধী অভিযানক যথেষ্ট আনন্দ প্ৰকাশ কৰিছে দুই যুৱকে ।

লগতে পঢ়ক : এইবাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পাবনে মাজুলীয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.