ETV Bharat / state

পৰিয়ালে নিজ ধনৰে নিৰ্মাণ কৰিলে ছহিদৰ প্ৰতিমূৰ্তি

author img

By

Published : Sep 25, 2019, 4:06 PM IST

ছহিদ মদন বৰ্মনক সমাধিস্থ কৰা হৈছিল সাদেৰী তথা বৰ্তমানৰ ভূটান ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত ৷ কিন্তু যথাস্থানত এজোপা আম গছৰ বাহিৰে বৰ্তমানলৈকে নাই ছহিদ গৰাকীৰ কোনো স্মৃতি চিহ্ন ৷

ছহিদৰ পৰিয়ালে নিৰ্মাণ কৰিলে ছহিদৰ প্ৰতিমূৰ্তি

পাঠশালা, ২৫ চেপ্তেম্বৰঃ 42ৰ গণ আন্দোলনত 25 চেপ্তেম্বৰত বজালীৰ দুই সন্তান মদন বৰ্মন আৰু ৰাউতা ৰাম কোঁচে নিজৰ প্ৰাণ আহুতি দি ছহিদ হোৱাৰ গৌৰৱ অৰ্জন কৰিছিল ৷ ছহিদ মদন বৰ্মনক সমাধিস্থ কৰা হৈছিল সাদেৰী তথা বৰ্তমানৰ ভূটান ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত ৷ কিন্তু যথাস্থানত এজোপা আম গছৰ বাহিৰে বৰ্তমানলৈকে নাই ছহিদ গৰাকীৰ কোনো স্মৃতি চিহ্ন ৷ বিশাল পুখুৰী এটাক কেন্দ্ৰ কৰি সেইস্থানক ছহিদ মদন বৰ্মন মীন মহল নামেৰে নামাকৰণ কৰা হৈছিল যদিও দীৰ্ঘদিন তলা ওলমি আছে মীন মহলটোত ৷ দেশৰ বাবে প্ৰাণ ত্যাগ কৰা বীৰ ছহিদৰ প্ৰতি সন্মান প্ৰৰ্দশনত সকলোৰে অনীহা ৷

ছহিদৰ পৰিয়ালে নিৰ্মাণ কৰিলে ছহিদৰ প্ৰতিমূৰ্তি

সেয়েহে চৰকাৰৰ এই অৱহেলাৰ বাবে ছহিদ গৰাকীৰ পৰিয়ালৰ লোকে 25 চেপ্তেম্বৰত অৰ্থাৎ আজিৰ দিনটোতে নিজৰ টকাৰে নিৰ্মাণ কৰি উদ্বোধন কৰিছে ছহিদ গৰাকীৰ ছহিদ বেদী সহ এটা প্ৰতিমূৰ্তি ৷ ছহিদ গৰাকীৰ ভাগিনীয়েক তথা ছহিদ ৰাউতা মদন উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী অৰ্পনা তালুকদাৰ, সঞ্জয় তালুকদাৰ আৰু যুগল তালুকদাৰ এই তিনি গৰাকী লগ হৈ প্ৰায় আঢ়ৈ লাখ টকাৰে নিৰ্মাণ কৰি উলিয়াইছে ছহিদ বেদী তথা প্ৰতিমূৰ্তি ৷

Intro:Pathsala swahid bedi

৪২ ৰ ছহিদৰ পৰিয়ালে নিজাকৈ বনালে ছহিদ বেদী ll

' ছহিদ মদন বৰ্মনৰ সমাধি ক্ষেত্ৰত অাজি লৈ নপৰিল চৰকাৰৰ সু - দৃষ্টি lll

ছহিদৰ সমাধি অাজি লৈ হৈ ৰল অনাদৃত ll
Body:Pathsala swahid bedi

পাঠশালা, ২৫ চেপ্তেম্বৰ: যি ছহিদৰ চৰম ত্যাগৰ পৰিনতিত আমাৰ ভাৰতে পৰাধীনতাৰ শিকলিৰ পৰা মুক্তি পালে তেনে ছহিদ ক বাৰু চৰকাৰ কিম্বা জনগণে কিমান শ্ৰদ্ধা নিবেদন কৰিবলৈ সক্ষম হৈছে ??

42 ৰ গণ আন্দোলনত 25 ছেপ্তেম্বৰ তাৰিখে বজালী ৰ দুই সন্তান মদন বৰ্মন অাৰু ৰাউতা ৰাম কোঁচে নিজৰ প্ৰাণ আহুতি দি ছহিদ হোৱাৰ গৌৰৱ অৰ্জন কৰি সমগ্ৰ বজালীৰ নামত এক গৌৰৱ ময় ইতিহাস ৰচনা কৰিছিল l ইয়াৰ পিছতে ই বিশেষ কৈ ছহিদ মদন বৰ্মন ক সাদেৰী ত বৰ্তমানৰ ভূটান ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপতে সমাধিস্থ কৰা হৈছিল l কিন্তু যথাস্থানত এজোপা আম গছৰ বাহিৰে অাজি লৈ নাই ছহিদ গৰাকীৰ কোনো স্মৃতি চিহ্ন l তাত থকা বিশাল পুখুৰী এটাক কেন্দ্ৰ কৰি যথাস্থানত ছহিদ মদন বৰ্মন মীন মহল নামেৰে নামাকৰণ কৰা হৈছিল যদিও মীন মহলৰ কাৰ্যালয়ত দীৰ্ঘদিন তলা ওলোমা অাৰু তাৰ তলত এতিয়া গজিছে ঢেঁকীয়া l দেশৰ বাবে প্ৰাণ ত্যাগ কৰা এনে ৱীৰ ছহিদ ৰ নামত যেন নাই কাৰোৰে সদিচ্ছা l নাই যেন কাৰোৰে কোনো কৰ্ত্তব্য l কাৰণ বজালীৰ যি স্হানত মদন বৰ্মন সমাধিস্থ হল সেই স্হানৰ কদৰ্য পৰিৱেশে সকলোক্ তেনেদৰে ভাবিবলৈ বাধ্য কৰিৱ l পিছে চৰকাৰী অবহেলাৰ বিপৰীতে পৰিয়ালে আজিৰ দিনটোত নিজৰ টকাৰে নিৰ্মাণ কৰি উদ্বোধন কৰিৱ ছহিদ গৰাকীৰ ছহিদ বেদী সহ এটা প্ৰতিমূৰ্তি l এই ক্ষেত্ৰত আগবাঢ়ি আহিছে ছহিদ গৰাকী ৰ ভাগিনীয়েক তথা ছহিদ ৰাউতা মদন উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী অৰ্পনা তালুকদাৰ, অাৰু সঞ্জয় তালুকদাৰ অাৰু যুগল তালুকদাৰ l এই তিনি গৰাকী এ লগ হৈ প্ৰায় আঢ়ৈ লাখ টকা ব্যয় কৰি উক্ত ছহিদ বেদীটো নিৰ্মাণ কৰি উলিয়াইছে lConclusion:বাইট-১
ভিডিঅ'-২
ফটো-১
ডিম্পল তালুকদাৰ
পাটাছাৰকুছি সমষ্টি।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.