ETV Bharat / state

বজালীৰ শ্বহীদ ৰবেন দাসৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ সম্পন্ন

ৰবেন দাসৰ নামেৰে নামাকৰণ হ’ব গড়কাপ্তানী পথ l ড০ ৰণজিৎ ডেকাই নিৰ্মাণ কৰিব বীৰ আৰক্ষী গৰাকীৰ শ্বহীদ বেদী

author img

By

Published : Oct 28, 2020, 9:21 PM IST

pathsala shahid raben das
বজালীৰ শ্বহীদ ৰবেন দাসৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ সম্পন্ন

পাঠশালা 28 অক্টোবৰ: 18 অক্টোবৰত ধুবুৰী সীমান্তত গৰুচোৰ চক্ৰৰ বিৰুদ্ধে অভিযান চলাই মৃত্যুবৰণ কৰা বজালীৰ হাঠীনাপুৰ নিবাসী বীৰ আৰক্ষী জোৱান তথা শ্বহীদ ৰবেন দাসৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ মঙলবাৰে অনুষ্ঠিত হয় ৷ শ্বহীদ গৰাকীৰ নিজ গাঁও হাঠীনাপুৰ বাঙালীপাৰা কাঞ্চন মিলন সংঘৰ শ্বহীদ গৰাকী সমাধিস্থ হোৱা বাকৰিত এখন ৰাজহুৱা স্মৃতিচাৰণ সভা অনুষ্ঠিত হৈ যায় l

পাঠশালা আনন্দৰাম বৰুৱা একাডেমীৰ ৰেক্টৰ ড০ ৰণজিৎ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা শ্ৰদ্ধাঞ্জলি সভাৰ পূৰ্বে শ্বহীদ গৰাকীৰ প্ৰতিছবিৰ সমুখত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ শ্বহীদ গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বৰপেটা জিলা উপায়ুক্ত মুনিন্দ্ৰ নাথ শৰ্মা নিজ ভাষণত বীৰ শ্বহীদ গৰাকীৰ কৃতিত্ব সোঁৱৰণ কৰাৰ লগতে ৰাইজৰ দাবীত শ্বহীদ গৰাকীৰ গাঁৱৰ মাজেৰে যোৱা হাঠীনাপুৰৰ পৰা গলিবন্ধালৈ যোৱা নিৰ্মীয়মান পথ চোঁৱা শ্বহীদ ৰবেন দাসৰ নামেৰে নামাকৰণ কৰা হ’ব বুলি ঘোষণা কৰে উপায়ুক্ত গৰাকীয়ে l

আনহাতে শ্বহীদ গৰাকীকক সমাধিস্থ কৰা বাঙালীপাৰা কাঞ্চন মিলন সংঘৰ আন্তঃগাঁথনিও ভালদৰে নিৰ্মাণ কৰা হ’ব বুলি ঘোষণা কৰে উপাযুক্ত গৰাকীয়ে ৷ তাৰ সমান্তৰলভাবে পৰিয়ালক চৰকাৰী ভাৱে 10 লাখ টকা অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰাৰ লগতে চৰকাৰী ভাৱে দুৰ্ভগীয়া পৰিয়ালটোৰ এজন যোগ্য ব্যক্তি বিশেষকৈ শ্বহীদ গৰাকী ভাতৃক চৰকাৰী চাকৰি প্ৰদান কৰা হ’ব বুলি চৰকাৰী ভাৱে হোৱা আলোচনা মৰ্মে জানিবলৈ দিয়ে ৷

ইয়াৰ লগতে শ্বহীদ গৰাকী সমাধিস্থ কৰা উক্ত ক্ষেত্ৰত এটা শ্বহীদ বেদী নিজৰ তৎপৰতাত আটক ধুনীয়াকৈ নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰে পাঠশালা আনন্দৰাম বৰুৱা একাডেমীৰ ড০ ৰণজিৎ ডেকাই l

লগতে পঢ়কঃ মঙলদৈত নৱগঠিত 'ৰাইজৰ দল'ৰ আহ্বায়ক সমিতি গঠন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.