ETV Bharat / state

পাঠশালাত বাহুবলীৰ ৰূপত ৰাজ্যিক বিজেপিৰ সভাপতি

author img

By

Published : Feb 3, 2021, 6:46 PM IST

Updated : Feb 3, 2021, 8:38 PM IST

নিৰ্বাচনী প্ৰচাৰৰ বাবেই নিতেই ন-ন কৌশল ৰাজ্যিক বিজেপিৰ সভাপতিৰ ৷ সৰভোগত নিজৰ ভৱিষ্যত নেদেখাৰ পিচত পাটাছাৰকুছি সমষ্টি দখল কৰিবলৈ দিনে নিশাই ব্যস্ত হৈ পৰিছে ৰণজিৎ দাস ৷ পাঠশালাবাসীয়ে এক নতুন ৰূপত প্ৰত্যক্ষ কৰিলে ৰনজিৎ দাসক ৷

পাঠশালাত ৰনজিৎ দাসৰ চমক
পাঠশালাত ৰনজিৎ দাসৰ চমক

পাঠশালা, 3 ফ্ৰেব্ৰুৱাৰী : নিৰ্বাচন চমু চাপি অহা ক্ষণত সবাতোকৈ আকৰ্ষনীয় হৈ পৰিছে পাটাছাৰকুছিৰ নিৰ্বাচনী প্ৰেক্ষাপট ৷ বিগত নিৰ্বাচনত অগপৰ পবিন্দ্ৰ ডেকাৰ দখলত থকা সমষ্টিটো এইবাৰ বিজেপিৰ যে চকু পৰিছে সেয়া উমান পোৱা গৈছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰনজিৎ কুমাৰ দাসৰ কুচকাৱাজত ৷ বিগত 6 মাহত বজালীৰ ভবানীপুৰ আৰু পাটাছাৰকুছিত তেওঁৰ সঘন অহা-যোৱাই প্ৰমাণ কৰিছে এই কথা ৷

লগতে পঢ়ক : কি হ'ব এইবাৰ পাটাছাৰকুছিত ? হাইপ্ৰফাইল নেতাৰে ভৰিছে সমষ্টি !

ইতিমধ্যেই পাঠশালাৰ কেন্দুগুৰিত ইউনাইটেড ক্লাবত এখন সভাত মুকলি কৈ ঘোষণা কৰিছে যে পাটাছাৰকুছি সমষ্টি দৰাচলতে বিজেপিৰে হ’ব লাগে l ইয়াৰ পূৰ্বে পাঠশালাত মা দুৰ্গা জিমত সোমাই শক্তি প্ৰদৰ্শন কৰি ৰণজিৎ দাসে দেখুৱালে নিজৰ দুৰন্ত বক্সিং পাঞ্চ ৷ সমানেই জিমত সকলোৰে আগত ট্ৰেক্টৰৰ ডাঙৰ চকা দাঙি নিজৰ আত্ম শক্তিৰ পৰিচয় দিছে ৰণজিৎ দাসে ৷ সদায় পুৱা ফেচবুকৰ জৰিয়তে ৰাইজক সম্বোধন কৰা ৰণজিৎ দাসে দেখুওৱা এই শক্তিয়ে তেওঁৰ মানসিক শক্তিৰে পৰিচয় দাঙি ধৰিছে ৷

পাঠশালাত ৰনজিৎ দাসৰ চমক

জানিব পৰা মতে ৰণজিৎ কুমাৰ দাসে সৰভোগ আৰু পাটাছাৰকুছি দুয়োটা সমষ্টিৰ পৰা নিৰ্বাচন খেলিব পাৰে ৷ সৰভোগ সমষ্টিতো তেওঁ সমানে ৰাইজৰ ওচৰ চাপি সমষ্টিবাসীৰ বাবে সৰ্বোচ্চ উজাৰি দিয়াৰ চেষ্টা অব্যাহত ৰাখিছে ৷ সকলো ঠিকে ঠাকে থাকিলে বিহুৰ পিচত নিৰ্বাচনী ফলাফলত ৰনজিৎ দাসৰ এই চমক থাকে নে নাথাকে সেয়া স্পষ্ট হৈ পৰিব ৷

লগতে পঢ়ক : ৰিপুণ বৰাৰ চুনামি বাংলাদেশত আহিবঃ হিমন্ত বিশ্ব শৰ্মা

Last Updated : Feb 3, 2021, 8:38 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.