পাঠশালা, 2 জুন : বজালী জিলাৰ পাটাছাৰকুছি আৰু সৰুক্ষেত্ৰী সমষ্টিৰ সীমান্তৱৰ্তী গাঁও ছাগলীচাৰি আৰু যামগুৰীৰ মাজত অৱস্থিত বিধস্ত এখন কাঠৰ দলঙে দুৰ্ভোগ ভোগাইছে ৰাইজক । যি খন চৰকাৰে গাঁও পদূলিৰ ৰাস্তা ঘাট দলঙৰ উন্নতি হোৱাৰ কথা কৈছে ঠিক তেনে সময়তে এনেবোৰ সমস্যাই চকু কপালত তুলিছে সচেতন ৰাইজৰ । এদিনত প্ৰায় হাজাৰতকৈ অধিক লোক এই কাঠৰ দলঙৰ ওপৰেৰে যাতায়ত অব্যাহত ৰাখিছে ।
বজালী জিলাৰ পাঠশালা সদৰৰ পৰা প্ৰায় ১২ কিলোমিটাৰ দূৰৈত অৱস্থিত এইখন দলং । দলং খনৰ কাৰণে বাৰিষাৰ সময়ত নৰক যন্ত্ৰণা ভুগিব লগা হয় ৰাইজে । ৰোগীক চিকিৎসালৈ নিবৰ বাবে এম্বুলেঞ্চ সুবিধাৰ পৰা বঞ্চিত হ’ব লগা হয় ছাগলীচাৰিৰ ৰাইজে । ইফালে, দলঙখনৰ অৱস্থা বেয়া হোৱাৰ বাবে ইতিমধ্যে দলঙখনত বহুটো সৰু বৰ দুৰ্ঘটনা সংঘটিত হৈছে বুলি জানিব দিয়ে স্থানীয় ৰাইজে ৷
জনসাধাৰণৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ বিদ্যালয় বা কলেজত অহা-যোৱাতো অসুবিধাৰ সৃষ্টি হৈছে । এতিয়া প্ৰশ্ন হয় দ্বিতীয় বাৰক বাবে বিধায়ক হিচাপে নিৰ্বাচিত হোৱা জাকিৰ হুছেইন চিকদাৰে এই সকল ৰাইজৰ দুখ দুৰ্দশা বুজি পাবনে সকলো দেখিও নেদেখাৰ ভাৱে জুৰিব, সেয়া হ’ব লক্ষ্যণীয় ।
লগতে পঢ়ক : উজনি মাজুলীৰ বিধস্ত পথে জীয়াতু ভোগাইছে জনসাধাৰণক