ETV Bharat / state

পাঠশালাত এজেপি নেতা লুৰিণজ্যোতি গগৈ আৰু পবিন্দ্ৰ ডেকা

author img

By

Published : Dec 25, 2020, 11:11 PM IST

অসম গণ পৰিষদ দল হৈছে ভেজাল জাতীয়তাবাদী দল ৷ শুকুৰবাৰে পাটাছাৰকুছিত অসম গণ পৰিষদ দলক এনেদৰে মুক্তভাৱে কটাক্ষ কৰে এজেপিৰ নেতা লুৰিণজ্যোতি গগৈয়ে ৷ আনহাতে অতুল বৰাই আঞ্চলিকতাবাদী চৰিত্ৰ হেৰুৱাই পেলোৱা বুলি কৈ তেওঁক গুৰুত্ব দিয়াৰ বাবে সময় নাই বুলি নমস্কাৰ জনায় বিধায়ক পবিন্দ্ৰ ডেকাই ৷

pathsala ajp
পাঠশালাত এজেপি নেতা লুৰিণজ্যোতি গগৈ আৰু পবিন্দ্ৰ ডেকা

পাঠশালা, 25 ডিচেম্বৰ: অসম জাতীয় পৰিষদৰক নেতৃত্বলৈ শুকুৰবাৰে প্ৰথমবাৰলৈ পাটাছাৰকুছিত উপস্থিত হৈ প্ৰাক্তন বিধায়ক পবিন্দ্ৰ ডেকা ৷ এজেপিৰ দায়িত্ব লৈ প্ৰথমবাৰ পাটাছাৰকুছি সমস্তিত প্ৰৱেশ কৰাৰ পিছতে ভৰপুৰ জনসমাগমে এ জে পিৰ নেতাসকলক আদৰণি জনায় ৷ পাটাছাৰকুছি সমষ্টিত আজি একপ্ৰকাৰ ৰণদংকা বজায় নৱগঠিত এজেপি দলে ৷ অগপ ত্যাগ কৰি এজেপিত যোগদান কৰাৰ পিছত আজি প্ৰথম বাৰ সমষ্টিত প্ৰৱেশ কৰাৰ পাছত পবিন্দ্ৰ ডেকা, এজেপি নেতা লুৰিন জ্যোতি গগৈ, জগদীশ ভুঞা আৰু চিত্তৰঞ্জন বসুমতাৰীয়ে প্ৰথমে পাটাছাৰকুছি ৰাস ক্ষেত্ৰত শিৱ মন্দিৰত সেৱা জনাই আশীৰ্বাদ গ্ৰহণ কৰে ৷ ইয়াৰ পিছতে ভৰপূৰ সমাবেশত ৰাইজৰ সম্বৰ্ধনা লাভ কৰাৰ পিছত ছহিদ লৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে নেতাকেইগৰাকীয়ে ৷ ইয়াৰ মাজতে পবিন্দ্ৰ ডেকাৰ নতুনৰ সমাহাৰত বৰ অসম গঢ়াৰ চেষ্টা কৰা হ’ব বুলি জনতাৰ আগত উল্লেখ কৰে ৷

পবিন্দ্ৰ ডেকাৰ লগত উপস্থিত থাকি লুৰিন জ্যোতি গগৈয়ে অসম গণ পৰিষদক তীব্ৰ আক্ৰমণৰ লক্ষ্য কৰি কয় যে অগপ হৈছে ভেজাল জাতীয়তাবাদী দল ৷ কংগ্ৰেছৰ সূতা কম্বল বিলোৱা চৰিত্ৰ আৰু বিজেপিয়ে হিতাধিকাৰী সৃষ্টি কৰি ধন বিলোৱাৰ আদৰ্শ একেই বুলি কঠোৰ সমালোচনা কৰে গগৈয়ে ৷ তেওঁ লগতে অসমক দুখীয়া কৰা আৰু ভিক্ষাৰী সৃষ্টি কৰাৰ মূলত দায়ী হৈছে বৰ্তমানৰ বিজেপি চৰকাৰ বুলি দাবী কৰে ৷ ইপিনে অতি শীঘ্ৰেই এ জে পি ত অগপ, কংগ্ৰেছ, আৰু বিজেপিৰ বহু নেতাৰ পয়োভৰ ঘটিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰদান কৰে এজেপিৰ নেতা জগদীশ ভুঞাই ৷ আনহাতে পবিন্দ্ৰ ডেকাৰ আগমনৰ সময়তে অগপৰ বিধান পৰিষদৰ কেইজনমান নেতা আৰু ৫ খন আঞ্চলিক সমিতিয়ে পদত্যাগ কৰা বুলি জানিবলৈ দিয়ে ৷ তেওঁ অতি সোনকালে পাটাছাৰকুছি অগপত ব্যাপক পদত্যাগৰ জোৱাৰ উঠিব বুলি উল্লেখ কৰে ৷

লগতে পঢ়ক : গৃহমন্ত্ৰীৰ আগমনৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে আমিনগাঁৱত মুখ্যমন্ত্ৰী সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.